ASSAM TIMES POST
গুৱাহাটীঃ সোণালী চাহ (গ’ল্ড টি)ৰ ক্ষেত্ৰত ডিব্ৰুগড়ৰ মোহনবাৰীৰ মনোহাৰী চাহ বাগিচাক অতিক্ৰম কৰিলে অসমৰে মাইজান চাহ বাগিচাই। গুৱাহাটী চাহ নিলাম কেন্দ্ৰত চলি থকা নিলামত বুধবাৰে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি মাইজান চাহ বাগিচাৰ সোণালী চাহ প্ৰতি কিলোগ্ৰামত ৭০,৫০১ টকা মূল্যত বিক্ৰী হয়।
গুৱাহাটীৰ মুন্ধ্ৰা চাহ কোম্পানীয়ে এই চাহ খিনি ক্ৰয় কৰে। প্ৰসংগক্ৰমে মঙলবাৰে মনোহাৰী চাহ বাগিচাৰ দুই কিলোগ্ৰাম সোণালী চাহ কেজিয়ে প্ৰতি ৫০ হাজাৰ টকাত বিক্ৰী হৈছিল। উল্লেখ্য মাইজান চাহ বাগিচাখন আছাম কোম্পানী লিমিটেডৰ অধীনস্থ।
মুন্ধ্ৰা চাহ কোম্পানী বিষয়ববীয়াই সংবাদ মাধ্যমত জনোৱা অনুসৰি এই চাহখিনিক তেওঁলোকে জয়পুৰস্থিত মহেশ্বৰী চাহ কোম্পানী প্ৰাইভেট লিমিটেডক বিক্ৰী কৰিব। প্ৰসংগক্ৰমে মাইজানৰ এই সোণালী চাহ ক্ৰয় কৰিবলৈ আহি আন দুজন ক্ৰেতা বিমুখ হ’বলগীয়া হয়।













