ASSAM TIMES POST
ডিফু : শ্ৰী অৰবিন্দ আশ্ৰমৰ উদ্যোগত ৰূপান্তৰ আঁচনিৰ অন্তৰ্গত শৈক্ষিক উত্তৰণৰ বাবে শূন্য বিনিয়োগ অভিযোজন শীৰ্ষক এখনি গুৰুত্বপূৰ্ণ কৰ্মশালা পাৰখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গণত অনুষ্ঠিত কৰা হয়। আজি দিনৰ এঘাৰ বজাৰ পৰা আৰম্ভ হোৱা কৰ্মশালাখনৰ শুভ উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহিয়ে ।

এই উদ্দেশ্যে আয়োজিত হোৱা এক সভাত উপস্থিত থাকি প্ৰদান কৰা ভাষণত পৰিষদৰ উপাধ্যক্ষগৰাকীয়ে এনে কৰ্মশালাই শিক্ষকসকলক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ বাবে গুণগত শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কৰ্মশালাত অংশগ্ৰহণ কৰা শিক্ষকসকলে শিক্ষণ প্ৰক্ৰিয়াত সহায়ক হ’ব পৰা বিভিন্ন প্ৰকাৰৰ শিক্ষণ সঁজুলিসমূহ প্ৰদৰ্শন কৰে। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে এনে কৰ্মশালাৰ জৰিয়তে অনাৱিষ্কৃত হৈ থকা বিভিন্ন ফলপ্ৰসূ শিক্ষণ পদ্ধতিসমূহৰ সংগ্ৰহ কৰি পৰৱৰ্তী পৰ্যায়ত বিস্তৃত পৰিসৰত বিস্তাৰ আৰু প্ৰয়োগৰ ব্যৱস্থা কৰা হ’ব।
আজিৰ এই কৰ্মশালাত কাৰ্বি আংলং জিলাৰ লাংছ’মেপি, হাওৰাঘাট আৰু চামেলাংছ’ শিক্ষা খণ্ডৰ দুঠ ৭৮ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰি কৰে। কৰ্মশালাৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা এক প্ৰদৰ্শনীত অংশগ্ৰহণকাৰী শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰস্তুত কৰি অনা বিভিন্ন শিক্ষণ সঁজুলিসমূহ প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত পাৰখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মীনা জি মমিন, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিপুল ফুকন, খণ্ড মিশ্যন সমন্বয়ক সোণছিং টকবি, অঞ্চলটোৰ কেইবাগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।













