ASSAM TIMES POST
ডিফু : এগৰাকী অপৰিচিত ব্যক্তি ৷ ৰেল দূৰ্ঘটনাত পতিত হৈ নিজৰ হাত কটা যোৱাৰ পিছত মানসিকভাবে কিছু বিকাৰগ্ৰস্থ হৈ আশ্ৰয় লৈছে কাৰবি আংলঙৰ সদৰ চহৰ ডিফুত ৷ তেওঁৰ আছে সন্তান সহ এটি সুখৰ সংসাৰ ৷ দুই এটা কথাত ভ্ৰম প্ৰলাপ কৰা অজ্ঞাত লোক জনৰ বয়সৰ কথা সুধিলে কয় তেওঁৰ বয়স ১১০ বছৰ ৷ তেওঁক কোনে ডিফুলৈ আনিছিল বুলি সুধিলে কয় তেওঁক পঞ্চানন চৌধুৰীয়ে আনিছে তেৱেই খুৱাই আছে বুলি কয় লগতে পঞ্চানন চৌধুৰী কোন বুলি সুধিলে তেওঁৰ ঠাকুৰ দা বুলিহে কয় ৷
এইখিনি কথা প্ৰলাপ বকিলেও তেওঁৰ নাম-ঠিকনা সঠিক ভাবেই সাংবাদিকৰ আগত স্পষ্টভাবে উল্লেখ কৰিব পাৰিছে ৷ হয় ! ডিফু চহৰৰ ৰাজপথৰ কাষতে মূমূৰ্ষ অৱস্থাত পৰি আছে এগৰাকী অজ্ঞাত লোক ৷ যোৱা ৪-৫ দিন ধৰি ডিফু -লামডিং পথৰ বিদ্যালয় সমুহৰ উপপৰিদৰ্শকৰ কাৰ্যালয়লৈ যোৱা পদপথতে পৰি আছে অজ্ঞাতলোকজন ৷ বিশেষ সূত্ৰৰ পৰা খবৰ লাভ কৰি এই প্ৰতিবেদকে ঘটনাস্থলীত উপস্থিতহৈ লোকজন মুমূৰ্ষ অৱস্থাত উক্তস্থানত পৰি থকা প্ৰত্যক্ষ কৰে ৷
লোকজনক সোধ- পোছ কৰাত লোকজন নিজকে পশ্চিম বংগৰ কোছবিহাৰ জিলাৰ দিনহাটা থানা এলেকাৰ দ্বিতীয় খন্ড মনৰিয়াৰ গাঁৱৰ বাসিন্দা বৰুণ শৰ্মা বুলি কয় ৷ অজ্ঞাত লোকজনে ৰেলৰ পৰা পৰি তেওঁৰ হাতখন কটা খাইছিল আৰু তেওঁক কোনোবাই ডিফুলৈ আনিছিল বুলি কয়, তেওঁ ঘৰলৈ যোৱাৰ ৰাস্তা পাহৰি গৈছে লগতে তেওঁ কোছবিহাৰ হাস্পাতালত চিকিৎসা কৰাব খোজে বুলি জনায় ৷ স্থানীয় প্ৰত্যক্ষদৰ্শীৰ মতে অজ্ঞাতলোকজন যোৱা ৪-৫ দিন ধৰি উক্ত স্থানলৈ আহি ৰ’দে বৰষুণে উক্ত স্থানত মুকলি আকাশৰ তলত থাকিব ধৰিছে ৷ পথচাৰী বা স্থানীয়লোকে কিবা খাবলৈ দিলে খায় আৰু তাতে শুই থাকে ৷ এই সন্দৰ্ভত স্থানীয় আৰক্ষীৰ লোকৰ লগত যোগাযোগ কৰা হৈছিল যদিও বাতৰি লিখা পৰলৈকে আৰক্ষীয়ে লোকজনৰ চিকিৎসাৰ ব্যৱস্থা কৰা নাছিল ৷













