ASSAM TIMES POST
নতুন দিল্লীঃ কেন্দ্ৰীয় চৰকাৰে বিশ্বজনীন ডিডিটেল কোম্পানী যেনে গুগল, ফেছবুক, টুইটাৰ আদিৰ ওপৰত কৰ আৰোপৰে স্থানীয়ভাৱে লাভ অৰ্জন কৰাৰ চিন্তা-চৰ্চা কৰিছে। ২০১৮ চনৰ কেন্দ্ৰীয় বাজেট প্ৰস্তুতৰ সময়তে এই প্ৰসংগ আলোচিত হৈছিল। ইয়াৰ ভিত্তিতে চৰকাৰে শেহতীয়াকৈ এই ব্যৱস্থা কাৰ্যকৰী কৰিব খুজিছে।
বিত্তীয় আইন, ২০১৮ ৰ জৰিয়তে আৰু বাজেট প্ৰস্তুতৰ সময়ত সৃষ্ট ‘উল্লেখযোগ্য অর্থনৈতিক উপস্থিতি’ (Significant Economic Presence)ৰ ধাৰণাৰে বিশ্বজনীন ডিজিটেল কোম্পানীসমূহৰ ওপৰত সেয়ে কৰ আৰোপ কৰা হ’ব। অৱশ্যে পূৰ্বৰেপৰা এই কোম্পানীসমূহে ভাৰত চৰকাৰক কৰ প্ৰদান কৰি আহিছে। বিপৰীতে এই পৰিমাণ কোম্পানীসমূহে ভাৰতৰপৰা আহৰণ কৰা ৰাজহ আৰু লাভৰ পৰিমাণতকৈ নামমাত্ৰহে। সম্প্ৰতি কেন্দ্ৰৰ এই সিদ্ধান্তই ‘নেটিজেন’ৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
মূলতঃ এই কোম্পানীসমূহৰ ওপৰত কেন্দ্ৰই অধিক কৰ আৰোপ কৰিলে সেৱাসমূহো ব্যয়বহুল হৈ পৰিব বুলি সম্ভাৱনা প্ৰকাশ পাইছে। অৰ্থাৎ ইন্টাৰনেট ব্যৱহাৰ অধিক খৰচী হৈ পৰিব বুলি আলোচনা চলিছে অনুৰাগীসকলৰ মাজত।













