ASSAM TIMES POST
গোলাঘাটৰ পৰা অজন্তা তালুকদাৰ
আজি সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত গোলাঘাট জিলা কবি সন্মিলনৰ তৃতীয় দ্বিবাৰ্ষিক কাৰ্যনিৰ্বাহক সমিতিৰ তৃতীয়খন কাৰ্যনিৰ্বাহক সভাৰ লগতে গোলাঘাট জিলা কবি সন্মিলনৰ উদ্যোগত ‘বসন্তৰ বুলনি কবিতাৰ আবেলি’ শীৰ্ষক এখনি কবি সন্মিলন অনুষ্ঠিত হৈ যায়। গোলাঘাটৰ সাহিত্যাচাৰ্য চৈয়দ আব্দুল মালিক ভৱনত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাখনিত সভাপতিত্ব কৰে গোলাঘাট জিলা কবি সন্মিলনৰ সভাপতি নৰেণ শইকীয়াই আৰু উদ্দেশ্য ব্যাখ্যা কৰে জিলা সম্পাদক দীপ হেষ্টিংচ বড়িয়ে।

সভাত প্ৰতিটো শাখাৰ উদ্যোগত নিয়মিত একোটাকৈ অনুষ্ঠান সম্পন্ন হোৱা, গোলাঘাট জিলা কবি সন্মিলনৰ বাৰ্ষিক মুখপত্ৰ ‘কাব্যৰাগ’ লগতে এখন ত্ৰিমাষিক পত্ৰিকাৰ সক্ৰিয়কৰণ, পূৰ্বৰ বেংক একাউণ্টৰ সক্ৰিয়কৰণ, সাংগঠনিক দিশৰ প্ৰতি অধিক গুৰুত্ব আৰোপ, ত্ৰি-মাষিক পত্ৰিকাখনক ‘কাব্য ধনশিৰি’ নামকৰণ কৰাৰ তথা উপযুক্ত কবিলৈ গোলাঘাট জিলা কবি সন্মিলনৰ তৰফৰ পৰা বঁটা প্ৰদানৰ প্ৰস্তাৱ, স্বাগতা বৰাক কাৰ্যনিৰ্বাহক সদস্যৰ অন্তৰ্ভুক্তি, মৃগাংক বৰুৱাক সহকাৰী পত্ৰিকা সম্পাদক দায়িত্ব প্ৰদান কৰাৰ প্ৰস্তাৱ, দিব্যজোতি ৰাজখোৱাক কাৰ্যনিৰ্বাহকৰ লগতে পত্ৰিকা সম্পাদনা সমিতিত অন্তৰ্ভুক্তি, পপী শইকীয়াৰ লগতে এপ’লিনা বৰা, মিচবাহ মুস্তা হাচান আৰু মনিকা ছেত্ৰীক মাহেকীয়া কাব্য চ’ৰাৰ দায়িত্ব প্ৰদানৰ প্ৰস্তাৱ, লুইতপৰীয়া শাখা কবি সন্মিলনৰ আমন্ত্ৰণ ক্ৰমে পৰবৰ্তী গোলাঘাট জিলা কবি সন্মিলনৰ চতুৰ্থ ব’হাগী বিশেষ কাৰ্যনিৰ্বাহকখনি মহুৰামুখত অনুষ্ঠিত হোৱা আৰু পত্ৰিকা ‘কাব্য ধনশিৰি’ৰ দায়িত্ব গ্ৰহণৰ প্ৰস্তাৱ আৰু অংকুৰ দেৱ শইকীয়াৰ পৌৰহিত্যত পঞ্চম কাৰ্যনিৰ্বাহক আৰু পত্ৰিকা ‘কাব্য ধনশিৰি’ৰ দায়িত্ব গ্ৰহণ, জিলা কবি সন্মিলনৰ উদ্যোগত আগন্তুক বিষ্ণু ৰাভা দিৱস উদযাপনৰ প্ৰস্তাৱৰ লগতে অনুষ্ঠান পৰিচালনা আৰু অন্যান্য শিতানৰ বাবে বিত্তীয় অনুদান ইত্যাদি বিষয়ত কেতবোৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
সভাত সদৌ অসম কবি সন্মিলনৰ উপসভাপতি ৰাজুমনি বেজবৰুৱা, জিলাৰ উপদেষ্টাদ্বয় ড° দিপালী বৰা আৰু অমৰ শৰ্মা, উপসভাপতিদ্বয় মিনতি দলে আৰু বন্দনা দত্ত, সাংগঠনিক সম্পাদক হেমা চৌধুৰী গগৈ, পাৰিজাত বৰুৱা, পত্ৰিকা সম্পাদক অজন্তা তালুকদাৰ, কাৰ্যনিৰ্বাহক সদস্য মৃগাংক কাকতি, সহকাৰী সম্পাদক অংকুৰ দেৱ শইকীয়া, জিলাৰ সহকাৰী সম্পাদক পৱন কামান আদিয়ে বক্তব্য ৰাখে। কাৰ্যনিৰ্বাহক সভাৰ পাছতে অনুষ্ঠিত কবি ‘বসন্ত বুলনি কবিতাৰ আবেলি’ শীৰ্ষক সন্মিলনখনিৰ সঞ্চালনা কৰে উপসভাপতি বন্দনা দত্ত আৰু সহকাৰী সম্পাদক অংকুৰ দেৱ শইকীয়াই।
ক্ৰমে মিনতি দলে, ৰাজুমনি বেজবৰুৱা, নৰেণ শইকীয়া, মৃদুস্মিতা শৰ্মা, অজন্তা তালুকদাৰ, মিচবাহ মুস্তা হাচান, দিব্যজোতি ৰাজখোৱা, তৰা বৰুৱা, অংকুৰ দেৱ শইকীয়া, এপ’লিনা শইকীয়া বৰা, কাব্যশ্ৰী হাজৰিকা, মৃগাংক বৰুৱা, ভায়লিনা দলে, অমৰ শৰ্মা, ৰূপালী মহন্ত, বন্দনা দত্ত, হেমা চৌধুৰী গগৈ, অভিজিত কোঁৱৰ, শিশু শিল্পী দৰ্শনা গোস্বামী আদি কুৰিৰ অধিক জিলাখনৰ বিভিন্ন স্থানৰ পৰা অহা কবি সকলৰ স্বৰচিত কবিতা পাঠে কবি সন্মিলনখনি বসন্তকালীন আবেগেৰে জীপাল কৰি তুলিলে। কবি সন্মিলনত পাঠ কৰা কবিতাৰ পৰ্যালোচনা আগবঢ়ায় গোলাঘাট জিলা কবি সন্মিলনৰ উপদেষ্টা অমৰ শৰ্মাই। সমগ্ৰ অনুষ্ঠানটোৰ আঁট ধৰে সম্পাদক দীপ হেষ্টিংচ বড়িয়ে।













