ASSAM TIMES POST
অজন্তা তালুকদাৰ
স্বাস্থ্যমন্দিৰ নগাঁৱৰ সহযোগত আৰু মতিৰাম কাকতি সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আজি ‘মতিৰাম কাকতি ক্ষেত্ৰ‘ত দিনজোৰা কাৰ্যসূচীৰে এক বিনামূলীয়া যোগ আৰু স্বাস্থ্য পৰামৰ্শ শিবিৰ অনুষ্ঠিত হয় ৷ পুৱা ৯ বজাত আৰম্ভ হোৱা কাৰ্যসূচীত যোগাভ্যাস প্ৰশিক্ষক সুস্মিতা চৌধুৰী আৰু ৰেণু ৰায় দাস, একুপ্ৰেচাৰ উপাচাৰ প্ৰদৰ্শক ৰাম নক্ষত্ৰ প্ৰসাদ আৰু যোগাচাৰ্য তথা স্বাস্থ্যমন্দিৰ, নগাঁৱৰ অধ্যক্ষ শংকৰ দেৱনাথে অংশগ্ৰহণ কৰে ৷

প্ৰায় ১০০ জন পুৰুষ মহিলাই অংশগ্ৰহণ কৰা শিবিৰত সাধাৰণ যোগ ব্যায়াম, প্ৰাণায়াম আদিৰ প্ৰশিক্ষণৰ লগতে ডায়েবেটিচ, উচ্চ ৰক্তচাপ, হাপানি, বিষ আদি ৰোগৰ ব্যক্তিগত পাৰমৰ্শ আৰু উপাচাৰৰ বিষয়ে আলোচনা কৰা হয়৷ আজিৰ শিবিৰত যোগ প্ৰশিক্ষক সুস্মিতা চৌধুৰীয়ে কেইটামান জটিল ব্যায়াম কৰি দেখুৱায় লগতে কণমানি ব্লেকবেল্ট লয়লা ইংলিছ মিডিয়াম স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ প্ৰিঞ্চ দত্তই কাৰাটেৰ কেইটামান কৌশল প্ৰদৰ্শন কৰে ৷ শিৱিৰৰ আৰম্ভনিতে বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিয়ে প্ৰশিক্ষক আৰু যোগাচাৰ্য সকলক গামোছাৰে সম্বৰ্ধনা জনায় ৷













