ASSAM TIMES POST
নগাঁও : ভয়াবহ কৰোনা ভাইৰাছত আক্রান্তৰ সন্দেহত কেৰেলাৰ এটা কোম্পানীত কৰ্মৰত ৰহাৰ আমচৈ বেলতলা অঞ্চলৰ এজন যুৱক স্ব গৃহলৈ উভতি অহাৰ পাচত আমচৈৰ বেলতলা অঞ্চলত শেহতীয়াকৈ এক আতংকময় পৰিবেশৰ সৃষ্টি হয়। আনহাতে এই ঘটনাক লৈ নানান উৰাবাতৰিৰ সৃষ্টি হয় । এই ঘটনাৰ পিছতে অধিক তৎপৰ হৈ পৰিছে নগাঁও জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগ ।
উল্লেখ্য, জুৰীয়া, ৰূপহীকে ধৰি জিলাখনৰ একাংশ যুৱক কেৰেলাকে ধৰি বহি: ৰাজ্যৰ বিভিন্ন স্থানত বিশেষকৈ শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে। আনহাতে কৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱা কেৰেলা আদি স্হানৰ পৰা স্বগৃহলৈ প্ৰত্যাৱৰ্তন কৰা লোকক লৈ নগাঁও জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে সতৰ্কতা অৱলম্বন কৰিছে । আজি নগাঁও জিলা উপায়ুক্ত যাদৱ শইকীয়াই জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকক লগত লৈ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত এক জৰুৰী বৈঠকত মিলিত হয় ।
বৈঠকত কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত লবলগীয়া সৱধানতা আৰু বিভিন্ন পদক্ষেপ সম্পৰ্কত আলোচনা কৰা হয়। জিলা উপায়ুক্ত গৰাকীয়ে সংবাদ মাধ্যমক জনোৱা মতে শেহতীয়াকৈ বহি: ৰাজ্য বিশেষকৈ কেৰেলাৰ পৰা জিলাখনৰ স্ব গৃহলৈ উভতি অহা সকলো শ্ৰমিক আৰু অন্যান্য লোকৰ ওপৰত প্ৰশাসনে চোকা নজৰ ৰাখিছে। ৰাজহ চক্ৰ বিষয়াকে ধৰি গাঁওবুঢ়া সকলক এই ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ নির্দেশ দিয়া হৈছে। বহি:ৰাজ্যৰ পৰা অহা কোনো লোকে যদি বিষয়টো গোপনে ৰাখে তেন্তে নিকটৱর্তী আৰক্ষী থানাত খবৰ দিবৰ বাবেও উপায়ুক্ত গৰাকীয়ে ৰাইজক অনুৰোধ জনায় ।
কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰা সকলক আছুতীয়াকৈ ৰাখি স্বাস্থ্য পৰীক্ষা কৰোৱাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ২৪ খন বিচনা সাজু কৰি ৰখাৰ বিষয়ে উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে । আনহাতে কৰোনা ভাইৰাছত আক্রান্তক পৰ্যবেক্ষণ আৰু চিকিৎসা প্ৰদানৰ বাবে জিলাখনৰ বেবেজীয়া, উজৰাগাঁও, মোৱামাৰী, উলুৱনীকে ধৰি পাঁচখন চিকিৎসালয়ত আছুতীয়াকৈ ৰোগী ৰখা বাবে ব্যৱস্থা কৰাৰ বিষয়েও উপায়ুক্ত গৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে । কৰোনা ভাইৰাছৰ সংক্ৰমণক লৈ কোনো ধৰণৰ উৰাবাতৰি বিশ্বাস নকৰিবলৈকো জিলাখনৰ জনসাধাৰণক জিলা উপায়ুক্ত গৰাকীয়ে আহবান জনায় ।













