ASSAM TIMES POST
নগাঁও : নগাঁও জিলাত ২৯ মাৰ্চ পৰ্যন্ত বন্ধ থাকিব শিক্ষানুষ্ঠান, চিনেমা গৃহ ,মাল্টিপ্লেক্স । আনহাতে কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ নির্দেশ অনুসৰি নগাঁও জিলা উপায়ুক্তই এক আদেশ যোগে জিলাখনৰ সমূহ চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান, চিনেমা গৃহ, শৰীৰ চৰ্চা কেন্দ্ৰ, ছুইমিং পুল, মাল্টিপ্লেক্স আদি ২৯ মাৰ্চ পৰ্যন্ত বন্ধ ৰখাৰ নির্দেশ জাৰি কৰিছে ।
আনহাতে বৰ্তমান চলি থকা বৰ্ড,কাউঞ্চিল অথবা বিশ্ববিদ্যালয়ৰ পৰীক্ষা সমূহ নিৰ্ধাৰিত সময় সূচী অনুসৰি অনুষ্ঠিত হব বুলি জিলা প্ৰশাসনে এক বিবৃতি যোগে জনায় ।













