ASSAM TIMES POST
গুৱাহাটীঃ ৰাজ্যৰ শেহতীয়া বানৰ পৰিপ্ৰেক্ষিতত দুৰ্গত সকলক সাহায্য প্ৰদান কৰিবলৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৬লাখ ৮১হাজাৰ ১০৮টকা আগবঢ়ায়। পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত অহা এটা সঁজাতি দলে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক উক্ত ধনৰাশিৰ এখন চেক প্ৰদান কৰে। সঁজাতি দলটোত থাকে অসম চৰকাৰৰ পাৰ্বত্য এলেকা উন্নয়ন, খনিজ সম্পদ আদি বিভাগৰ মন্ত্ৰী চুম ৰংহাং, বৈঠালাংছুৰ বিধায়ক ডাঃ মানচিং ৰংপি, হাওৰাঘাটৰ বিধায়ক জয়ৰাম ইংলেং আদি।













