ASSAM TIMES POST
বোকাখাত : কৰ’ণা আতংকই পৰ্যটকৰ বাবে বন্ধ কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দুৱাৰ। বিশ্ব আতংক কৰ’ণা ভাইৰাচৰ প্ৰতি লক্ষ্য ৰাখি অহা ১৭ মাৰ্চৰ পৰা কাৰ্যকৰী হোৱাকৈ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি অসমৰ অতিৰিক্ত মুখ্য জ্যেষ্ঠ বন্যপ্ৰাণী সংৰক্ষকৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা হৈছে এই অধিসূচনা।
যোৱা ১৫ মাৰ্চ তাৰিখে কেন্দ্ৰীয় চৰকাৰৰ পৰা অসম চৰকাৰলৈ অহা এক নিৰ্দেশনামৰ্মে দেশত কৰ’ণা ভাইৰাচ সংক্ৰমণ ৰোধ কৰিবলৈ সকলো ধৰণৰ বন্যপ্ৰাণী সংৰক্ষণ, উদ্ভিদ উদ্যান, ব্যঘ্ৰ-প্ৰকল্প, ৰাষ্ট্ৰীয় উদ্যান এলেকাত গণ-সমাৱেশ নিষিদ্ধ কৰাৰ লগতে পৰ্যটকৰ পৰিদৰ্শনতো অহা ২৯ মাৰ্চ পৰ্যন্ত নিষেধাজ্ঞা জাৰি কৰা হৈছে।
আনহাতে বন্যপ্ৰাণী সংৰক্ষণ আইন, ১৯৭২ৰ ২৮ নং অনুচ্ছেদৰ অধীনত একে নিৰ্দেশনাতে উপৰোক্ত এলেকা সমূহত চিত্ৰগ্ৰহণ বা গৱেষণামূলক কাম-কাজতো নিষেধাজ্ঞা জাৰি কৰা হৈছে।













