ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত
কৰ’ণা ভাইৰাচৰ প্ৰতিকাৰৰ বাবে গোলাঘাট জিলা প্ৰশাসনৰ তৰফৰ পৰা অহা ২৯ মাৰ্চলৈ তৎকালীনভাৱে বলৱৎ এক হোৱাকৈ সকলো কৰ’ণা প্ৰতিৰোধ আৰু প্ৰতিকাৰমূলক বিধি সামৰি এক অধিসূচনা জাৰি কৰিছে। গােলাঘাট জিলাৰ উপায়ুক্তৰ দ্বাৰা এক নিৰ্দেশনা যোগে সৰ্বসাধাৰণ ৰাইজৰ জ্ঞাতার্থে জনােৱা হৈছে যে গােলাঘাট জিলাৰ অন্তৰ্গত সকলাে ৰাজহুৱা অনুষ্ঠান, ৰাজহুৱা মেল, সভা তথা চিনেমা হল, ব্যয়ামাগাৰ, সাঁতােৰ কেন্দ্র, জিলা পুথিভৰাল, ৰাজহুৱা পুথিভৰাল, থিয়েটাৰ হল, ৰাজহুৱা পেক্ষাগৃহ আদি অহা ২৯ মার্চ তাৰিখলৈ বন্ধ থাকিব।
লগতে উল্লেখ কৰা হৈছে যে, গােলাঘাট জিলাৰ অন্তৰ্গত বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান, থিয়েটাৰ হল ইত্যাদিত অনুষ্ঠিত কৰিবৰ বাবে ইতিমধ্যে অনুমতি প্রদান কৰা সকলাে অনুমতি তৎকালনীভাৰে নাকচ কৰা হ’ল। ইয়াৰ উপৰিও সকলাে চৰকাৰী/বেচৰকাৰী শিক্ষানুষ্ঠান তথা অংগনবাদী কেন্দ্র সমূহাে বন্ধ থাকিব কিন্তু অংগনবাদী কেন্দ্ৰৰ শিশুৰ বাবে আৱণ্টিত SNP/HCM ব্যৱস্থা অব্যাহত থাকিব।
আৰু গৰ্ভৱতী মহিলাৰ THR ঘৰে ঘৰে যােগান ধৰাৰ লগতে গােলাঘাট জিলাৰ সকলাে পৌৰসভা এলেকাত বজাৰ সমূহৰ নলা-নর্দমা তথা শৌচাগাৰ/প্রস্রাৱগাৰ পৰিস্কাৰ-পৰিছন্নকৈ ৰাখিবৰ বাবে নির্দেশ জাৰি কৰা হৈছে। বিভিন্ন পৰ্য্যায়ৰ পঞ্চায়ত হাট-বজাৰ সমূহৰ পৰিস্কাৰ-পৰিচ্ছন্নতা বর্তাই ৰাখিব। এই হাট-বজাৰ সমূহত গৰু -ছাগলী ম’হ জাতীয় জন্তুৰ বেচা-কিনা বন্ধ থাকিব। সকলাে চৰকাৰী/বেচৰকাৰী কার্যালয় তথা প্রতিষ্ঠান সমূহে নিজ নিজ প্রতিষ্ঠান সমূহ চাফ চিকুণকৈ ৰখাৰ উপৰিও প্ৰসাৱগাৰ সমূহত স্বচ্ছতা নিয়াৰিকৈ পালন কৰিব। এই আদেশ তৎকালীনভাৱে বলৱৎ হৈছে বুলি উল্লেখ কৰা হৈছে।













