ASSAM TIMES POST
গুৱাহাটীঃ ৰাজ্যৰ বানত আক্ৰান্ত লোকসকলক সাহায্য প্ৰদান কৰাৰ অৰ্থে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৃহস্পতিবাৰে ২ লাখ টকাৰ এখন চেক আগবঢ়াই ডিফু ক্লাবৰ বৃহত্তৰ ডিফু বান সাহায্য সমিতিয়ে। ক্লাবৰ হৈ প্ৰাক্তন বিধায়ক বিদ্যা সিং ইংলেং, জ্যেষ্ঠ সাংবাদিক মুকুল চন্দ্ৰ বৰুৱা, সমাজকৰ্মী দিলীপ দাস; ধনী কলিতা, সাংবাদিক সঞ্জু বৰাই চেকখন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত অৰ্পণ কৰে। উল্লেখযোগ্য যে ইয়াত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুম ৰংহাং আদি। প্ৰসংগক্ৰমে ডিফু ক্লাবৰ বৃহত্তৰ ডিফু বান সাহায্য সমিতিয়ে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তিৰপৰা সংগ্ৰহ কৰি অনা ধনৰাশিক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াই সামাজিক দায়বদ্ধতাৰ পৰিচয় দিছে।













