ASSAM TIMES POST
নগাঁও : কাৰ্বি আংলং জিলাত সংঘটিত দেশ কঁপোৱা অভিজিৎ নাথ আৰু নীলোৎপল দাস হত্যাকাণ্ড গোচৰৰ শুনানিক লৈ দুই ভুক্তভোগী পৰিয়াল সম্প্ৰতি শংকিত হৈ পৰিছে । গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া গতিৰে আগবঢ়া বুলি আক্ষেপ কৰাৰ লগতে উদ্বিগ্নতাও প্ৰকাশ কৰিছে অভি-নীলৰ পিতৃদ্বয় গোপাল চন্দ্ৰ দাস আৰু অজিত নাথে।
ডেৰবছৰৰো অধিক সময় অতিবাহিত হোৱাৰ পাচতো এই হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াকলৈ বৰ্তমানেও আশ্বস্ত নোহোৱাৰ কথা ব্যক্ত কৰিছে অভি-নীলৰ পিতৃদ্বয়ে । উল্লেখ্য, গোচৰটোৰ সাক্ষীয়ে সঘনে নিজৰ ভাষ্য সলনি কৰি আহিছে । সেয়ে হত্যাকাণ্ডৰ ডেৰ বছৰৰো অধিক সময় পাৰ হ’ল যদিও এতিয়াও চাপমুক্ত হোৱা নাই ভুক্তভোগী পৰিয়াল দুটি । বাৰে বাৰে সাক্ষীৰ ভাষ্য সলনি , ভুৱা প্ৰমাণ পত্ৰৰে অভিযুক্তৰ এগৰাকীক জুভেনাইল দাবী, বিভিন্ন পক্ষৰ হেঁচা আদিকে ধৰি একাধিক কাৰণত লেহেমীয়া হৈ পৰিছে এই গোচৰটোৰ শুনানি ।
আনহাতে আজি নগাঁও আদালতত আভি-নীল হত্যাকাণ্ডৰ গোচৰটোৰ শুনানি আছিল । আজি এই ঘটনাৰ চাক্ষুস সাক্ষীৰ শুনানি আছিল যদিও শুনানিত সাক্ষীয়ে ভাষ্য সলনি কৰাক লৈ উদ্বিগ্ন হৈ পৰিছে অভি-নীলৰ পৰিয়াল।
ভাষ্য সলনি কৰা ৰাজু বসুমতাৰী নামৰ চাক্ষুস সাক্ষী জনক অহা ২১ মাৰ্চত নগাঁও আদালতে ক্ৰচ এক্জামিনেচন (CROSS EXAMINATION) ৰ নিৰ্দেশনাও প্ৰদান কৰা বুলি জানিব পৰা গৈছে।
উত্থাপিত অভিযোগ অনুসৰি এক সুবিধাবাদী চক্ৰই বাৰে বাৰে ভাষ্য কৰিবলৈ সাক্ষীক প্ৰৰোচিত কৰি আহিছে। আজি গোচৰটোৰ শুনানিৰ বাবে কটকটীয়া নিৰাপত্তাৰ মাজেৰে অভিযুক্ত সকলক আদালতত হাজিৰ কৰোৱা হয়। চাক্ষুষ সাক্ষীৰ ভাষ্য গ্ৰহণৰ সময়ত আদালতত উপস্থিত থাকে অভিজিৎ নাথ আৰু নিলোৎপল দাসৰ পিতৃদ্বয় অজিত নাথ আৰু গোপাল চন্দ্ৰ দাস।













