ASSAM TIMES POST
বোকাখাত : যোৱা ১২ মাৰ্চত কঁহৰা বনুৱা অংগনবাদী কেন্দ্ৰত অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু ‘সমীক্ষা আমাৰ শক্তি’ এন জি অ’ৰ সহযোগত মাতৃ, গৰ্ভৱতী মাতৃ আৰু শিশুৰ পৰিপুষ্টিত পোষণ মাহৰ উপকাৰিতাৰ বিষয়ে এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায়।
সভা উদ্বোধন কৰে অংগনবাদী কৰ্মী যমুনা গগৈয়ে। সভাত উপস্থিত থকা যথেষ্ট সংখ্যক পাঁচ বছৰৰ তলৰ শিশু, মাতৃ আৰু গৰ্ভৱতী মহিলাক উদ্দেশ্যি মাতৃ আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিত পোষণ মাহৰ উপকাৰিতাৰ লগতে থলুৱাভাৱে উপলব্ধ পুষ্টিকৰ আৰু আইৰণযুক্ত খাদ্যৰ বিষয়ে সজাগতামূলক বক্তব্য প্ৰদান কৰে উদ্বোধক যমুনা গগৈ, আশা-পৰিদৰ্শক বন্তি শইকীয়া আৰু এ এন এম বিউটি শইকীয়াই।
সভাত কেইবাগৰাকী এ এন এম, বহুসংখ্যক অংগনবাদী সহায়িকা আৰু কৰ্মী, স্থানীয় আত্মসহায় গোটৰ সদস্যা, স্থানীয় গণ্যমান্য ব্যক্তিকে ধৰি প্ৰায় এশগৰাকী লোক উপস্থিত থাকি সজাগতা সভাখনলৈ পূৰ্ণ সহযোগিতা আগবঢ়ায়।













