ASSAM TIMES POST
গুৱাহাটী : বিতৰ্কিত আৰটিআই কৰ্মী দুলাল বৰা বিলাসী অট্টালিকাত প্ৰশাসনৰ হাতোৰা।কইনাধৰা স্থিত তিনি মহলীয়া বৰা বাসগৃহত মংগলবাৰে গুৱাহাটী পৌৰ নিগম আৰু আৰক্ষী-অৰ্ধ সামৰিক বৃহৎ বাহিনীৰ উপস্থিত চলোৱা হয় উচ্ছেদ।
বৰা ১১৮নং বাসগৃহত গুৱাহাটী উচ্চ ন্যায়ালয় নিৰ্দেশত প্ৰশাসনে চলায় উচ্ছেদ।প্ৰশাসনৰ উচ্চ পদস্ত বিষয়া উপস্থিতত চলোৱা অভিযানত বৰা তিনি মহলীয়া ঘৰটো সম্পূৰ্ন ৰূপে ভাঙি পেলোৱা লগতে ঘৰৰ তলত থকা বহু কেইখন দোকান জেচিবিৰ সহায়ত ডাঙি পেলোৱা হয়।

উচ্ছেদ চলোৱা ঘৰটো সন্মুখত আৰি দিয়া হয় মহামান্য ন্যায়ালয়ৰ জাননী । উচ্ছেদ অভিযানত উপস্থিত থাকে যুটীয়া আয়ুক্ত সিদ্ধাৰ্থ গোস্বামী।আজি বাস গৃহটো আধা অংশ ভাঙি পেলোৱা হয়।পৰৱৰ্তী সমূত সম্পূৰ্ন ঘৰটো ভাঙি পেলোৱা হব বুলিজানিবলৈ দিয়ে উপস্থিত থকা বিষয়াই।
উল্লেখ যে ৫৪৯/২০ নম্বৰ গোচৰৰ ভিত্তিত নিয়ম বহিৰ্ভূত ভাবে গৃহ নিৰ্মাণ কৰা অভিযোগত ভঙা হয় গৃহটো।গুৰুত্বপূৰ্ণ কথা এই যে ব্লেকমেইলৰ গোচৰত আৰটিআই কর্মী বৰাক গ্ৰেপ্তাৰ কৰিছিল।তাৰ পৰৱৰ্তী সময়ত বৰাক ইডি আৰু বৰ্তমান চিআইডিয়ে গ্ৰেপ্তাৰ কৰিছিল।বৰ্তমান বৰা কাৰাৰুদ্ধ হৈ আছে।













