ASSAM TIMES POST
নতুন দিল্লীঃ এতিয়াৰেপৰা ২০০ ইউনিট পৰ্যন্ত বিদ্যুতৰ বিল পৰিশোধ কৰিব নালাগে ৰাষ্ট্ৰীয় ৰাজধানীত। বৃহস্পতিবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই কথা সদৰী কৰে। তেওঁ কয়, ‘উপভোক্তাই এতিয়াৰেপৰা আৰু ২০০ ইউনিটলৈকে বিদ্যুতৰ মাচুল পৰিশোধ কৰিব নালাগে। ১ আগষ্টৰপৰাই এয়া কাৰ্যকৰী হ’ব।’ তেওঁ আৰু কয় যে উপভোক্তাই ২০১ ইউনিট বিদ্যুৎ ব্যৱহাৰ কৰিলে সম্পূৰ্ণ মাচুল (full charge) প্ৰদান কৰিব লাগিব। তেওঁ আৰু কয় যে ২০১ৰপৰা ৪০০ ইউনিট বিদ্যুৎ ব্যৱহাৰকাৰীসকলক ৫০ শতাংশ ৰাজসাহায্য প্ৰদান কৰা হ’ব। তাৎপৰ্যমূলক মন্তব্য প্ৰদান কৰি তেওঁ কয়, ‘উচ্চপদস্থ বিষয়া আৰু মন্ত্ৰী-বিধায়কে বিনামূলীয়াকৈ বিদ্যুৎ পায়, গতিকে সাধাৰণ লোকেও বিনামূলীয়া বিদ্যুৎ পাব লাগিব।’













