ASSAM TIMES POST
নগাঁও : নবেল কৰোনা ভাইৰাছ কবিড-১৯ (Covid-19)ৰ সংক্ৰমণ প্ৰতিৰোধৰ প্ৰাথমিক পদক্ষেপ হিচাপে প্ৰয়োজনীয় হেণ্ড চেনিটাইজাৰ বজাৰত নাটনি হৈ পৰাৰ সময়তে নগাঁও কলেজৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধীনত একাংশ অধ্যাপকে বিভাগৰ গৱেষণাগাৰত হেণ্ড চেনিটাইজাৰ প্ৰস্তুত কৰি উলিয়াইছে ।

আনহাতে আজি কলেজখনৰ তৰফৰ পৰা ৰাইজৰ মাজত এইবিধ হেণ্ড চেনিটাইজাৰ বিনামূলীয়াকৈ বিতৰণ কৰা হয়। এই হেণ্ড চেনিটাইজাৰ বিতৰণ কাৰ্যসূচী মুকলি কৰি নগাঁও কলেজৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে কয় যে ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বিষয়ে ৰাইজ সজাগ হব লাগে কিন্তু শংকিত হব নেলাগে।
বজাৰত হেণ্ড চেনিটাইজাৰৰ নাটনিৰ পৰিপ্ৰেক্ষিতত নগাঁও কলেজৰ ৰসায়ন বিজ্ঞান বিভাগে বিশ্ব স্বাস্থ্য সংস্থাৰ নীতিৰ আধাৰত ইয়াক প্ৰস্তুত কৰিছে বুলিও ড০ বৰকটকীয়ে জানিবলৈ দিয়ে । আনহাতে কলেজখনৰ ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ পল্লৱী গোস্বামীয়ে কয় যে কৰোনা ভাইৰাছ নবেল কৰোনা কবিড- ১৯ ক প্ৰতিৰোধ কৰাৰ প্ৰাথমিক পদক্ষেপ হিচাপে ‘হেণ্ড চেনিটাইজাৰ ‘ বীজাণু মুক্ত কৰাৰ ৰাসায়নিক দ্ৰব্য কলেজৰ ৰসায়ন বিজ্ঞান বিভাগে প্ৰস্তুত কৰি উলিয়াইছে ।
বিভাগৰ অন্য এগৰাকী সহযোগী অধ্যাপক ড০ লক্ষ্যজ্যোতি বৰঠাকুৰে কয় যে ‘আইচ প্ৰপাইল এলকহল, গ্লিছাৰিন আৰু হাইড্ৰ’জেন পেৰ’ক্সাইড’ৰ সুনিৰ্দ্দিষ্ট মিশ্ৰণৰে সহজে বীজানুনাশক দ্ৰব্য প্ৰস্তুত কৰিব পৰা যায় যাক বিশ্ব স্বাস্থ্য সংস্থায়ো অনুমোদন দিছে । ৰসায়ন বিভাগৰ অন্য এগৰাকী সহকাৰী অধ্যাপক ড০ পৰীক্ষিত গগৈয়ে এই বীজানুনাশকৰ যথাযথ ব্যৱহাৰৰ বিষয়ে বিশদ ভাৱে বৰ্ণনা কৰে ।
উল্লেখ্য ৫ বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত এই চেনিটাইজাৰ বিধ ব্যৱহাৰত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে বুলিও অধ্যাপক গৰাকীয়ে জনায় । প্ৰায় ডেৰ শতাধিক লোকৰ মাজত এই চেনিটাইজাৰ বিতৰণ কৰা হয়। কলেজখনৰ এই পদক্ষেপক ৰাইজে প্ৰশংসা কৰিছে । উল্লেখ্য, কৰোনা ভাইৰাছ সম্পৰ্কত মানুহৰ মাজত সজাগতা সৃষ্টিৰ বাবে নগাঁও কলেজৰ তৰফৰ পৰা এলানি কাৰ্য্যসূচী ইতিমধ্যে গ্ৰহণ কৰা হৈছে ।
নগাঁও কলেজৰ উন্নত ভাৰত অভিযান আঁচনিৰ অধীনত দক্ষিনপাতকে ধৰি কেইবাখনো গাঁৱত কৰোনা ভাইৰাছ সম্পৰ্কত বক্তৃতানুষ্ঠান আয়োজন কৰি কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বিষয়ে ৰাইজক সজাগ কৰা হয় ।













