ASSAM TIMES POST
অজন্তা তালুকদাৰ
অসম গণিত শিক্ষায়তন, বৰপেটা শাখাৰ উদ্যোগত আৰু বৰনগৰ মহাবিদ্যালয়ৰ গণিত বিভাগৰ সহযোগত সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় গণিত দিৱস উলহ-মালহেৰে উদযাপন কৰা হয় ৷ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সমবেত সংগীতেৰে আৰম্ভ কৰা অনুষ্ঠানটোৰ সভাপতিত্ব কৰে অসম গণিত শিক্ষায়তন , বৰপেটা শাখাৰ সভাপতি তথা বৰনগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বীৰেন কুমাৰ চক্ৰৱৰ্তীয়ে ৷
এন অনুষ্ঠানটোৰ লগত সংগতি ৰাখি বৰনগৰ মহাবিদ্যালয়ৰ গণিত বিভাগৰ ছাত্ৰ-ছাত্ৰী সকলে প্ৰকাশ কৰি উলিওৱা ’MATHOPEDIA” নামৰ এখন প্ৰাচীৰ প্ৰত্ৰিকাও উন্মোচন কৰা হয় ৷ সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে অসম গণিত শিক্ষায়তন , বৰপেটা শাখাৰ সম্পাদক তথা বৰনগৰ মহাবিদ্যালয়ৰ গণিত বিভাগৰ মুৰব্বী অধ্যাপক দুলাল চন্দ্ৰ দাসে ৷

মহাবিদ্যালয়ৰ সমীপৱৰ্তী বহুকেইখন শিক্ষানুষ্ঠানৰ শিক্ষক তথা ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি সাফল্যমণ্ডিত কৰি তোলা এই অনুষ্ঠানটোত উপস্থিত ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি বৰনগৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° প্ৰকাশ কুমাৰ শৰ্মা আৰু কামাৰগাঁও উচ্চতৰ মাধ্যমিক বিপ-সভাপতি ৰাজেন চন্দ্ৰ ৰয়ে গণিতৰ উপযোগিতাৰ সন্দৰ্ভত তেওঁলোকৰ বহুমূলীয়া ভাষণ আগবঢ়ায় ৷
দ্যালয়ৰ গণিত বিষয়ৰ শিক্ষক তথা অসম গণিত শিক্ষায়তন, বৰপেটা শাখাৰ উএই সভাতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা গণিত বিষয়ৰ ৰচনা প্ৰতিযোগিতাৰ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হয় ৷ ’ক’ শাখাত বৰপেটাৰোড ৰয়েল নেচনেল পাব্লিক স্কুলৰ জুস্মিতা দাসে প্ৰথম, সৰভোগ শংকৰদেৱ শিশু নিকেতনৰ ৰিম্পী দাসে দ্বিতীয় আৰু পাকাবেতবাৰী আদৰ্শ বিদ্যালয়ৰ মাৰ্টিনা দাসে তৃতীয় স্থান লাভ কৰে ৷
’খ’ শাখাত সৰভোগৰ শংকৰদেৱ শিশু নিকেতনৰ হিমাশ্ৰী দাসে প্ৰথম, সৰভোগ বাডচ একাডেমীৰ পৰিস্মিতা দাসে দ্বিতীয় আৰু কাঁটাঝাৰ বাজাৰ হাইস্কুলৰ মানচাৰুল ইছলাম তৃতীয় স্থান লাভ কৰে৷ বিজয়ী প্ৰতিযোগী সকলক নগদ ধন, প্ৰমাণ-পত্ৰ আৰু কিতাপৰ টোপোলাৰে পুৰস্কৃত কৰা হয়৷ উক্ত সভাত বৰনগৰ মহাবিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক ড° জাকিৰ আহমেদে ’দৈনন্দিন জীৱনত গণিত আৰু আন্তঃৰাষ্ট্ৰীয় গণিত দিৱসৰ তাৎপৰ্য’ শীৰ্ষক বক্তৃতা আগবঢ়ায়৷
বৰনগৰ মহাবিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপিকা ড° সৰোজিনী গগৈয়ে আঁতধৰা অনুষ্ঠানটোৰ সামৰণিত শলাগৰ শৰাই আগবঢ়ায় একে বিভাগৰে সহকাৰী অধ্যাপক ভাগ্যজ্যোতি নাথে ৷ সভাত উপস্থিত থকা বিভিন্ন বিদ্যালয়ৰ শিক্ষক তথা ছাত্ৰ-ছাত্ৰী সকলে অসম গণিত শিক্ষায়তন, বৰপেটা শাখাৰ পদক্ষেপক প্ৰশংসা কৰে আৰু এনে অনুষ্ঠানৰ জড়িয়তে ছাত্ৰ-ছাত্ৰীসকলক গণিত বিষয়টোৰ প্ৰতি আৰু অধিক আগ্ৰহী কৰি তুলিব বুলি মন্তব্য আগবঢ়ায় ৷













