ASSAM TIMES POST
তেজপুৰঃ বৰ লুইতৰ কোবাল সোঁতত পুনৰ উটি গ’ল এগৰাকী মহিলা। আজি পুৱা তেজপুৰৰ ‘ঘৰপৰা চুবুৰি’ অঞ্চলৰ মীনা বৰা নামৰ এগৰাকী মহিলা ব্ৰহ্মপুত্ৰত উটি যায়। ইতিমধ্যে এছ ডি আৰ এফে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও বাতৰি যুগুত কৰা পৰ্যন্ত নিখোজ হৈ আছে। ঘটনাৰ নেপথ্যত স্থানীয় ৰাইজে পাৰিবাৰিক সংঘাতৰ আত্মহত্যা বুলি অভিহিত কৰিছে। ইতিমধ্যে চাঞ্চল্যপূৰ্ণ বাৰ্তাই সমগ্ৰ তেজপুৰ নগৰীতে শোকৰ পৰিৱেশ বিৰাজ কৰিছে।













