ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ গোলাঘাট জিলাত আজিলৈকে এজনো ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগী চিনাক্তকৰণ হোৱা নাই। ক’ৰ’ণা ভাইৰাছ সংক্ৰমণ হোৱাৰ সন্দেহত গোলাঘাট জিলা স্বাস্থ্য বিভাগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা এশ গৰাকীতকৈও অধিক বিদেশী পৰ্যটকৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছিল যদিও এজনো এই ৰোগত আক্রান্ত হোৱা বুলি চিনাক্ত নহ’ল৷
আজি গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত অনুষ্ঠিত হোৱা সংবাদ মেলত এই কথা প্ৰকাশ কৰে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ তৌফিক ৰহমানে৷ সংবাদ মেলত উপস্থিত থাকি জিলা চিকিৎসা বিষয়া ডাঃ দিলীপ ৰাজবংশীয়ে প্ৰকাশ কৰা মতে চেন্নাইৰ পৰা অহা এই ৰোগত আক্ৰান্তৰ সন্দেহ কৰা দুগৰাকী যুৱক সম্প্ৰতি পলাতক অৱস্থাত আছে৷
ইতিমধ্যে স্বাস্থ্য বিভাগে এই প্ৰসংগত আৰক্ষীক বিষয়টো অৱগত কৰিছে আৰু যুৱক দুজনক চিনাক্ত কৰি তেজৰ নমুনা পৰীক্ষাকে ধৰি যাৱতীয় কামকাজ কৰা হ’ব বুলি সংবাদমেলত উল্লেখ কৰে। ইয়াৰ উপৰিও মালেছিয়াৰ পৰা অহা এগৰাকী গোলাঘাট চহৰৰ ব্যক্তিৰ লগতে অন্য দুগৰাকী ব্যক্তিক নিজ নিজ গৃহতে নিৰীক্ষণ কৰি থকা হৈছে।
লগতে এন আৰ এলৰ বিবেকানন্দ কেন্দ্ৰ চিকিৎসা কেন্দ্ৰৰ কৰ্মচাৰী গৰাকীৰ তেজৰ নমুনাৰ ফলাফল আজি বিয়লি পৰ্যন্ত লাভ কৰা নাই৷ মহিলা গৰাকীক কুশল কোৱৰ অসামৰিক চিকিৎসালয়ৰ আইচ”লেচ্যন ৱাৰ্ডত নিৰীক্ষণতে ৰখা হৈছে৷













