ASSAM TIMES POST
বোকাখাত : যোৱা ১৫ মাৰ্চ দেওবাৰে বোকাখাতৰ খতিয়াখলি আঞ্চলিক শিল্পী সমাজ নাট্যমন্দিৰত ৰঙালী বিহুৰ লগত সংগতি ৰাখি মঞ্চস্থ হ’ব লগীয়া নাট্যকাৰ নগেন নাথৰ নাটক “পগলা মানুহ”ৰ শুভ মহুৰৎ হৈ যায়।


স্থানীয় শিক্ষক অমৰ গগৈয়ে আঁত ধৰা মহুৰৎ অনুষ্ঠানত বোকাখাতৰ কবি পল্লৱ হাজৰিকাই বন্তি প্ৰজ্বলন কৰাৰ পাছতেই অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, জ্যেষ্ঠ সাংবাদিক বুবুল দত্তই নাৰিকল ভাঙি মহুৰৎ কৰি এই অঞ্চলৰ যুৱ চামৰ নাটকৰ এটা সুস্থিৰ বাতাবৰণ গঢ়ি তোলাৰ এই প্ৰচেষ্টাৰ শলাগ লয়।
বোকাখাতৰ এজন সক্ৰিয় নাট্যকৰ্মী নিৰজমণি বৰাই পৰিচালনা কৰিব লগীয়া ‘পগলা মানুহ’ৰ মহুৰৎ অনুষ্ঠানত সমাজকৰ্মী জিতু শইকীয়া, বিপুল দাস, হীৰা গগৈ, খগেশ্বৰ শইকীয়া আৰু ৱাৰ্ড সদস্য সুৰেণ বৰা উপস্থিত থাকে।













