ASSAM TIMES POST
গুৱাহাটী : নিয়া গোচৰত বিগত তিনিটা মাহ কাৰাৰুদ্ধ হৈ থকা কৃষক মুক্তি সংগ্রাম সমিতি উপদেষ্টা অখিল গগৈয়ে জামিন লাভ কৰা পিছতে মুকলি আকাশৰ তললৈ অহা সুবিধা নাপালে।
সোনোৱাল চৰকাৰৰ বৰ্বৰতাত কাৰাৰুদ্ধ অৱস্থাতে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত গ্ৰেপ্তাৰ কৃষক নেতা অখিলক।শিৱসাগৰ আৰক্ষী গ্ৰেপ্তাৰ কৰিছে গগৈক।কা’ আন্দোলনৰ সময়ত শিৱসাগৰত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত সংগ্ৰামী নেতা গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে।
ইতিমধ্যে শিৱসাগৰৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে গ্ৰেপ্তাৰ কৰা নেতা গৰাকীক চাৰি দিনৰ আৰক্ষীৰ জিম্মাত প্ৰদান কৰিছে। উল্লেখ যে কা’ৰ আন্দোলনৰ সময়ত ১৪৪ধাৰা ভংগ কৰা অভিযোগ আছে গগৈ বিৰুদ্ধে।আজি ৰাতিয়ে গগৈক লৈ যোৱা হব শিৱসাগৰ লৈ।
গুৰুত্বপূৰ্ণ কথা এই যে নিয়া আদালতত জামিন লাভ কৰা পিছতে শিৱসাগৰ আৰক্ষীয়ে জিলা ন্যায়িক দণ্ডাধীশৰ আদাতত গগৈক গ্ৰেপ্তাৰৰ বাবে আৱেদন জনাইছিল।সেই আবেদনৰ ভিত্তিতে গগৈক গ্ৰেপ্তাৰ অনুমতি দিয়ে।













