ASSAM TIMES POST:
গোলাঘাট জিলাৰ মেৰাপানীৰ দিপ্তী চুতীয়াই ইউৰোপত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে। অসম আৰক্ষীত কৰ্মৰত দিপ্তী চুতীয়াই ইটালীৰ টৰেণ্টত অনুষ্ঠিত ইউৰোপ মাষ্টাৰ্ছ গেমছত ২০০ মিটাৰত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে এই স্প্ৰীণ্টাৰগৰাকীয়ে ইয়াৰ পূৰ্বে ১০০ মিটাৰ আৰু ৪০০ মিটাৰত স্বৰ্ণপদক লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে উত্তৰাখণ্ডৰ ডেৰাডুনত হৈ যোৱা দ্বিতীয় ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছত দিপ্তী চুতীয়াই ১০০ মিটাৰ, ২০০ মিটাৰ আৰু ৪০০ মিটাৰত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। ফলত তেওঁ ভাৰতীয় দলত যোগ্যতা অৰ্জন কৰিছিল।













