ASSAM TIMES POST
নতুন দিল্লীঃ অল কাইদাৰ মৃত নেতা ওচামা বিন লাডেনৰ পুত্ৰ হামজা বিন লাডেনৰ মৃত্যু হৈছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বৃহস্পতিবাৰে এই কথা প্ৰকাশ পাইছে। সেই অনুসৰি আমেৰিকাই যোৱা ফেব্ৰুৱাৰীতে হামজাক গ্ৰেপ্তাৰ কৰিব পাৰিলে ১ মিলিয়ন আমেৰিকান ডলাৰ পুৰস্কাৰ ঘোষণা কৰিছিল।
ইয়াৰ ভিত্তিতেই আমেৰিকাৰ চোৰাংচোৱা সংস্থাই হামাজাৰ মৃত্যু হোৱা বুলি শেহতীয়াকৈ ঘোষণা কৰে। প্ৰসংগক্ৰমে বিশ্বত্ৰাস সৃষ্টিকাৰী সন্ত্ৰাসবাদী ওচামা বিন লাডেনৰ মৃত্যুৰ পাছতেই তেওঁৰ উত্তৰসুৰী হিচাপে হামাজা হৈ পৰিছিল অল কাইদাৰ সৰ্বময় কৰ্তা।
পিতৃৰ পদাংক অনুসৰণ কৰি হামাজায়ো গত ২০১৮ চনত ছৌদি আৰৱক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছিল। ইয়াৰদ্বাৰাই নিজৰ কাৰণে বিপদ চপাইছিল হামাজাই।













