ASSAM TIMES POST
অজন্তা তালুকদাৰ, বােকাখাত
সমগ্র বিশ্বৰ লগতে বর্তমান ভাৰততাে বিয়পি পৰা কৰ’না ভাইৰাচৰ(CoVID-19) সংক্রমণ ৰােধৰ উদ্দেশ্যে সজাগতা সৃষ্টি কৰিবৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছে বােকাখাত মহকুমা প্রশাসনে। আজি বােকাখাত মহকুমাধিপতি কার্যালয়ৰ সভাকক্ষত মহকুমাটোৰ অন্তৰ্গত চাহ বাগিচাসমূহৰ পৰিচালকসকলৰ সৈতে কৰ’না ভাইৰাচ(CoVID-19)ৰ সংক্রমণ ৰোধৰ বাবে লবলগীয়া সতর্কতামূলক ব্যৱস্থা সন্দৰ্ভত এখনি সভা অনুষ্ঠিত হয়।
সভাত মহকুমাধিপতি বিবেক শ্যামে প্রতিখন চাহ-বাগিচাৰ পৰিচালক সকলক সতর্ক হােৱাৰ লগতে বাগিচাৰ সকলাে কৰ্মচাৰীৰ মাজত সজাগতা সৃষ্টি কৰিবৰ বাবে আহ্বান জনায়।
ইয়াৰ লগতে অসমৰ বাহিৰৰ পৰা বাগিচাৰ নিজ গৃহলৈ ঘুৰি অহা সকলাে ব্যক্তিৰে জৰুৰীকালীন ভাবে স্বাস্থ্য পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা লবলৈও মহকুমাধিপতি গৰাকীয়ে সকলাে বাগিচা পৰিচালক আনহাতে অসমৰ বাহিৰত অধ্যয়নৰত ছাত্র-ছাত্রী তথা কৰ্মৰত ব্যক্তিসকলৰ লগতে বিদেশ তথা আন ৰাজ্য ভ্রমন কৰি বােকাখাতৰ নিজ গৃহলৈ ঘুৰি অহা সকলাে ব্যক্তিকে জনসমাগমৰ পৰা আঁতৰি থাকিবলৈ আৰু জৰুৰীকালীনভাবে স্বাস্থ্য পৰীক্ষা কৰিবলৈয়াে বােকাখাত মহকুমা প্রশাসনে নির্দেশ দিছে। অসমৰ বাহিৰৰ পৰা অহা তেনে ব্যক্তি তথা ছাত্র-ছাত্রী সকলে স্বাস্থ্য পৰীক্ষাৰ বাবে টল ফ্রী নম্বৰ ১০৭৭ আৰু ০৩৭৭৪২৮৩২৮২ত যােগাযােগ কৰিব পাৰিব।
ইয়াৰ লগতে মহকুমা প্রশাসনে ৰাইজক জনসমাগমৰ পৰা দূৰৈত থাকিবলৈ, বিনা কাৰণত নিজ গৃহৰ পৰা ওলাই নাহিবলৈ, মুখত মাস্ক পৰিধান কৰিবলৈ, আৰু নিয়মিতভাবে চাবােনেৰে হাত ধুবলৈ অনুৰােধ জনাইছে।













