ASSAM TIMES POST
বোকাখাত : বোকাখাত আঞ্চলিক পালনাম সমিতি আৰু বগলীটিকা গাঁওবাসীয়ে অহা ২২ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ আয়োজন কৰা বগলীটিকা নামঘৰৰ ৰূপালী জয়ন্তী,মহা পালনাম আৰু অষ্ট প্ৰহৰ ভাগৱত পাঠ অনিৰ্দিষ্ট দিনলৈ স্থগিত ৰাখিছে ৷
বিশ্বজুৰি সন্ত্ৰাস সৃষ্টি কৰা কৰণা ভাইৰাছৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি আঞ্চলিক পালনাম সমিতিৰ সভাপতি আজিত ৰাজখোৱা আৰু সম্পাদক ননী নাথে এক বিজ্ঞপ্তিৰ জড়িয়তে এই কথা জানিবলৈ দিছে ৷













