ASSAM TIMES POST
গুৱাহাটী : আজি পুৱা ৫-৩০বজাত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা কৃষক নেতা অখিল গগৈক শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জাইল আৰু বলেৰ গাড়ীৰে অহা শিৱসাগৰ আৰক্ষীৰ এটা বৃহৎ দলে কৃষক নেতা গগৈক গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত লোৱাৰ বাবে তিনিদিন পূৰ্বৰে পৰা গুৱাহাটীত বাহৰ পাতি আছিল।
গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ পৰা গ্ৰেপ্তাৰ কৰি পোনে শিৱসাগৰ আৰক্ষীয়ে গাড়ীৰে লৈ গৈছে শিৱসাগৰলৈ।এই কথা জানিবলৈ দিছে কৃষক মুক্তি সংগ্রাম সমিতিৰ শীর্ষ নেতৃত্বই। উল্লেখ যে নিয়া গোচৰত জামিন লাভ কৰাৰ পিছতে কৃষক নেতা গৰাকীক শিৱসাগৰ আৰক্ষীয়ে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দি পুনৰ গ্ৰেপ্তাৰ কৰিছে।
শিৱসাগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশে গগৈক মংগলবাৰে চাৰি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল।গুৰুত্বপূৰ্ণ কথা এই যে কৃষক নেতা গৰাকীৰ বিৰুদ্ধে শিৱসাগৰ উপৰিও টিয়ক, ডিব্ৰুগড়, চাবুৱা আদি বিভিন্ন থানাত ৰুজু হৈ আছে বহু কেইটা গোচৰ।













