গোলাঘাটঃ অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যন চমুকৈ এআইচিটিইয়ে গোলাঘাট মহাবিদ্যালয়ৰ স্বীকৃতিৰ অনুমোদন নাকচ কৰাৰ পিছত ২০১০-২০২০ বৰ্ষত নামভৰ্তিকে ধৰি সামগ্ৰিকভাৱে নৱ প্ৰতিষ্ঠিত অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ এক অৰাজকতাৰ সৃষ্টি হৈ আহিছে। তাৰ পৰিপ্ৰক্ষিততে যোৱা ৩১ জুলাইত সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ এটা সঁজাতি দলে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক সাক্ষাৎ কৰি মহাবিদ্যালয়খনৰ সন্দৰ্ভত এক আলোচনাত মিলিত হয়।

আলোচনা কালত কৃষিমন্ত্ৰী অতুল বৰাও উপস্থিত থাকে। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক দ্বীপেন দত্ত, আছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক চৈয়দ মনোৱাৰ হুছেইন, মুখ্য সাংগাঠনিক সম্পাদক ৰাজু ফুকন, জিলা সমিতিৰ উপদেষ্টা অভিৱৰ্তন গোস্বামী, মৃদুল শইকীয়া, সভাপতি নিৰঞ্জন সোণোৱাল, সাধাৰণ সম্পাদক প্ৰিন্স দলেসহ সঁজাতি দলটোৱে অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ এআইচিটিই অনুমোদনৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি ২০১৯-২০২০ বৰ্ষৰ নতুন ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি সুনিশ্চিত কৰা, গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়খনক কেন্দ্ৰ কৰি বিৰাজ কৰা অনিশ্চয়তা দূৰীকৰণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী, অভিভাৱক তথা শৈক্ষিক সমাজত বিশ্বাস আৰু আস্থাৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে চৰকাৰক আহ্বান জনায়।
আছুৰ গোলাঘাট জিলা সমিতিৰ সভাপতি নিৰঞ্জন সোণােৱাল আৰু সাধাৰণ সম্পাদক প্ৰিন্স দলেয়ে জানিবলৈ দিয়া মতে, ছাত্ৰ সন্থাৰ তৰফৰ পৰা উপস্থাপন কৰা বিষয়সমূহৰ ওপৰত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে যথোচিত ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। সঁজাতি দলটোৱে অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ যাতে কোনো ক্ষতি নহয় তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
আলোচনাৰ কালত মুখ্যমন্ত্ৰীয়ে বিষয়টোৰ ওপৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগেত এআইচিটিইৰ লগত যোগাযোগ কৰি মহাবিদ্যালয়ৰ অনুমোদনৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যৎ নিশ্চিত কৰা হ’ব বুলি সঁজাতিৰ দলটোক আশ্বাস দিয়ে।













