ASSAM TIMES POST
ডিফু : সমগ্ৰ বিশ্বজুৰি দিনক দিনে অধিক প্ৰসাৰ লাভ কৰিবলৈ ধৰা কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবৰ লক্ষ্যৰে বিশেষ সতৰ্কীকৰণ ব্যৱস্থা গ্ৰহণ কৰি অহাৰ সময়তে কাৰবি আংলং জিলা প্ৰশাসনৰ তৰফৰ পৰাও কেতবোৰ বিশেষ সতৰ্কীকৰণ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷
কাৰবি আংলঙৰ জিলা দণ্ডাধীশ মুকুল কুমাৰ শইকীয়াই এক নিৰ্দেশনা যোগে কেতবোৰ সতৰ্কতা জাৰী কৰিছে ৷ সেই অনুসৰি কাৰবি আংলং জিলাৰ কোনো হোটেল ৰেষ্টুৰা আদিত কৰ’না ভাইৰাছৰ প্ৰাদূৰ্ভাৱ থকা ঠাইৰ পৰা অহা কোনো লোক উপস্থিত হলে লগে লগে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগক জনাবলৈ নিৰ্দেশ দিয়া হৈছে ৷
জিলাখনৰ বিবাহ ভৱন, নাট্য মন্দিৰ আদি স্থানত সাধাৰণতে যিকোনো ৰাজহুৱা সমাগমৰ আয়োজন নিষিদ্ধ কৰা হৈছে যদিও বিশেষ কোনো কাৰণত এনে ভৱন ব্যৱহাৰ কৰিবলগীয়া হলেও সংশ্লিষ্ট পক্ষক জিলা প্ৰশাসনৰ সৈতে যোগাযোগ কৰিবলৈ কোৱা হৈছে ৷ জিলাখনত থকা নগৰ এলেকা সমূহ বিশেষকৈ ডিফু, হাওৰাঘাট, বোকাজান ডকমকা আদি স্থানত দৈনিক আৰু সাপ্তাহিক বজাৰৰ শাক-পাচলি , মাছ আৰু মাংসৰ বজাৰ সমূহ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ নিৰ্দেশ দিয়া হৈছে ৷
লগতে জিলাখনৰ দৈনিক বজাৰৰ নিষ্কাশনৰ ক্ষেত্ৰত পৌৰ সভা সমূহে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি নিৰ্দেশনাটোত উল্লেখ আছে ৷ আনহাতে আন এক নিৰ্দেশনা যোগে জিলাখনৰ পথৰ দাঁতিত থকা মোবাইল ফাষ্ট ফুডৰ দোকান সমূহ পৰৱৰ্তী নিৰ্দেশনা লাভ নকৰা পৰ্যন্ত বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷ আন এক নিৰ্দেশনাৰ জৰিয়তে জিলাখনত মিউজিয়াম, ক’চিং চেণ্টাৰ, পুথি ভঁড়াল, বিউটি পাৰ্লাৰ, চেলুন আদি পৰৱৰ্তী নিৰ্দেশনা নহালৈকে তৎকালীন ভাবে বন্ধ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷
ইপিনে পাহাৰীয়া জিলাখনৰ সদৰ চহৰ ডিফুৰ ৰেল ষ্টেচনতো সংশ্লিষ্ট কৰ্তৃপক্ষই বিশেষ সতৰ্কতা অৱলম্বন কৰা দেখা গৈছে ৷ ডিফু ৰেলষ্টেচনত নমা ৰেলযাত্ৰী সকলক স্বাস্থ্য বিভাগৰ কৰ্মীয়ে বিশেষ পৰীক্ষা কৰা পৰিলক্ষিত হৈছে













