ASSAM TIMES POST
হোটেলৰ প্ৰৱেশদ্বাৰত থাকিব লাগিব চাবোনৰে হাত ধুৱাৰ সু-ব্যৱস্থা : নগাঁৱৰ উপায়ুক্তৰ নিৰ্দেশ
নগাঁও : কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত নগাঁও জিলা প্ৰশাসন অধিক তৎপৰ হৈ পৰিছে। নগাঁও জিলা উপায়ুক্ত কাৰ্য্যালয় সভা-কক্ষত আজি জিলা উপায়ুক্ত যাদৱ শইকীয়াৰ সভাপতিত্বত জিলাখনৰ চাহ বাগিচা সমূহৰ পৰিচালক সকলৰ লগত কৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধ সম্পৰ্কীয় এখন বৈঠক অনুষ্ঠিত হয়।
উক্ত বৈঠকত উপায়ুক্ত গৰাকীয়ে চাহ বাগিচাৰ পৰিচালক সকলক বাগিচা সমূহত স্বচ্ছতা আৰু বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে । চাহ বাগিচা সমূহলৈ বহিঃ ৰাজ্যৰ পৰা যদি কোনো শ্ৰমিক অথবা আন লোক কাম কৰিবলৈ আহে তেনেহলে তৎকালে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰিবৰ বাবে জিলা উপায়ুক্ত গৰাকীয়ে নিৰ্দেশ দিয়ে ।
আনহাতে উপায়ুক্ত গৰাকীয়ে জিলাখনৰ শ্বপিং মল, লজ আৰু হোটেল সমূহৰ স্বতাধিকাৰী সকলৰ লগত কৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ সম্পৰ্কীয় আন এখন বৈঠকত মিলিত হয়। উপায়ুক্ত গৰাকীয়ে প্ৰত্যেক হোটেলৰ প্ৰৱেশদ্বাৰ সমূহত চাবোনৰে হাত ধুৱাৰ সু-ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে হোটেল বা ধাবা সমূহত চাফ-চিকুন কৰি ৰাখিবলৈকো নিৰ্দেশ দিয়ে।
ইয়াৰ উপৰি হোটেল সমূহত বহিঃ ৰাজ্যৰ কোনো ব্যক্তি থাকিবলৈ আহিলে আগতীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাব লাগিব। আনহাতে শ্বপিং মল সমূহত এবাৰত ৫০ জনতকৈ অধিক লোকৰ সমাগম নকৰাবৰ বাবেও উপায়ুক্ত গৰাকীয়ে শ্বপিং মলৰ স্বত্বাধিকাৰী সকলক নিৰ্দেশ দিয়ে ।













