ASSAM TIMES POST
নগাঁও : নগাঁও চহৰৰ খুটিকটিয়া স্হিত ‘ছেফ এক্সপ্ৰেছ’ নামৰ এটা কুৰিয়াৰ চাৰ্ভিছৰ কাৰ্যালয়ত আজি আৰক্ষীয়ে অভিযান চলাই প্ৰায় তিনি লক্ষাধিক টকাৰ নিচাজাতীয় ঔষধ জব্দ কৰে ।
হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষী বিষয়া গৌৰৱ জ্যোতি মহন্তৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে অতৰ্কিতে কুৰিয়াৰটোৰ কাৰ্যালয়ত অভিযান চলাই নিচাজাতীয় ঔষধ সমূহ জব্দ কৰাৰ লগতে কুৰিয়াৰ চাৰ্ভিছটোত কৰ্মৰত বাবু আলী নামৰ এজন যুৱককো আটক কৰে।
জানিব পৰা মতে নিচা জাতীয় ঔষধ খিনি হিমাচল প্ৰদেশৰ পৰা কুৰিয়াৰৰ জৰিয়তে নগাঁৱৰ ‘ভাস্কৰ জ্যোতি এন্টাৰপ্ৰাইজ’ নামৰ প্ৰতিষ্ঠানটোলৈ আহিছিল।













