ASSAM TIMES POST
বিশেষ প্ৰতিবেদন :
কোভিড-১৯ৰ সকলোতকৈ বেয়া দিশ, এই ভাইৰাছে শ্বাসনলী আৰু হাওঁফাওঁক একেলগে আক্রমণ কৰে। ইয়াৰ ফলতেই যিমান সমস্যাৰ সূত্রপাত।সম্প্রতি এক সমীক্ষাত জনা গৈছে যে, এই ভাইৰাছৰ সংক্রমণৰ পৰা সম্পূৰ্ণভাৱে আৰোগ্য হৈ উঠা কিছু মানুহৰ হাওঁফাওঁ অত্যন্ত ক্ষতিগ্রস্ত হৈছে।
কোভিড-১৯ ভাইৰাছৰ সংক্রমণৰ ফলত হাওঁফাওঁৰ কর্মক্ষমতা কমি গৈছে ২০-৩০ শতাংশ। এনেকুৱা কথাই জনাইছে কনছালটেণ্ট পালমোনলজিষ্ট অশোক সেনগুপ্তই। এই ভাইৰাছৰ আক্ৰমণৰ পৰা মুক্তি পালেও হাওঁফাওঁৰ সমস্যা আক্রান্তসকলৰ আজীৱন সঙ্গী হৈ থাকিব। হংকং হস্পিটেল অথৰিটীৰ (এইচকেএইচকে) ইনফেকছাছ ডিজিজ চেণ্টাৰৰ এদল চিকিৎসকে SARS-CoV-2 ক’ৰোনা ভাইৰাছ (কোভিড-১৯ৰ আন এক নাম) পৰা সুস্থ হৈ উঠা ৰোগীসকলৰ স্বাস্থ্য পৰীক্ষা কৰি এই কথা জনাইছে।
দেখা গৈছে ইয়াৰ মাজত কোনোবা কোনোবাৰ হাওঁফাওঁৰ কর্মক্ষমতা ২০ৰ পৰা ৩০ শতাংশ কমি গৈছে। সেয়ে অলপ পৰিশ্রমতেই তেওঁলোকৰ শ্বাসকষ্ট হৈছে। অৱশ্যে এতিয়াও এই বিষয়ে খুব বেছি তথ্য জনা হোৱা নাই। কাৰণ, আক্রান্তসকলৰ এটা ডাঙৰ অংশকেই এতিয়া পর্যন্ত এই সমীক্ষাৰ আওতালৈ অনা সম্ভৱ হেৱা নাই।
অশোক সেনগুপ্তই জনেৱা মতে, নোভেল ক’ৰেনা ভাইৰাছ কোভিড-১৯ৰ উফৰি অন্যান্য ইনফ্লুয়েঞ্জা ভাইৰাছৰ সংক্রমণত নিউমোনিয়া হ’লে খুব নগণ্য মাত্রাত হ’লেও হাওঁফাওঁ ক্ষতিগ্রস্ত হ’ব পাৰে। বিশেষকৈ বয়স্ক লোকসকলৰ একিউট ৰেছপিৰেটৰী ডিছট্রেছ ছিনড্রোম (এআৰডিএছ) হোৱাৰ ৰিস্ক থাকে।
এই ক্ষেত্রত হাওঁফাওঁৰ বায়ুপূর্ণ থলি বা এলভিঅ’লাই ক্ষতিগ্রস্ত হয়। এজন সুস্থ পূর্ণবয়স্ক মানুহৰ হাওঁফাওঁত প্রায় ৪৮ কোটি এলভিঅ’লাই থাকে। ভাইৰাছৰ সংক্রমণত এলভিঅ’লাই ক্ষতিগ্রস্ত হয়। বয়স্কসকলৰ ক্ষেত্রত এই ক্ষতি পূৰণ হোৱা কষ্টকৰ। অপেক্ষাকৃত কম বয়সীয়াসকলৰ বেছিভাগ ক্ষেত্রতে এই ক্ষয়-ক্ষতি পূৰণ হৈ যায়।
কিন্তু, যিসকল ধুমপায়ী তেওঁলোকৰ শ্বাসনলী আৰু হাওঁফাওঁ বেছিমাত্রাত ক্ষতিগ্রস্ত হয়। তেওঁলোক কোভিড-১৯ত আক্রান্ত হোৱাৰ ৰিস্ক অন্যসকলৰ তুলনাত বহু বেছি। এটি চীনা মেডিকেল জার্নেলৰ ডিজিটেল সংস্কৰণত প্রকাশিত এক গবেষণা-পত্রৰ পৰা জানিব পৰা গৈছে যে, ধূমপায়ীসকল কোভিড-১৯ত আক্রান্ত হ’লে তেওঁলোকৰ নিউমোনিয়াৰ ৰিস্ক এজন অধূমপায়ীতকৈ ১৪ শতাংশ বেছি। প্ৰকৃততে মানুহৰ শ্বাসনলী আৰু হাওঁফাওঁত সূক্ষ্মাতিসূক্ষ্ম চুলিৰ দৰে অনেক চিলিয়া থাকে।
এইসমূহৰ কাম— শ্বাসনলী আৰু হাওঁফাওঁৰ ধূলিকণা, মিউকাছ বা শ্লেষ্মাসহ সকলো বাধাক আঁতৰাই দি শ্বাস-প্রশ্বাস স্বাভাৱিক ৰাখিবলৈ সাহায্য কৰা। কিন্তু ধূমপায়ীসকলৰ এই চিলিয়াসমূহ কার্যত অকামিলা হৈ যায়। আৰু সেই কাৰণেই হাওঁফাওঁৰ যুদ্ধ কৰাৰ ক্ষমতা কমি যায়। বহুতে চিগাৰেটৰ সলনি ই-চিগাৰেট পান কৰে।
ভেপিঙৰ ফলতো হাওঁফাও আৰু শ্বাসনলী একেধৰণে ক্ষতিগ্রস্ত হয়। SARS-CoV-2 ক’ৰোনা ভাইৰাছৰ পৰা হাত সাৰিবলৈ প্রথমেই ধূমপান বন্ধ কৰিব লাগিব। বেছি বয়সত শৰীৰ কমজোৰী হৈ পৰাত কোভিড-১৯এ দ্রুতভাৱে গ্রাস কৰি মাৰাত্মক আকাৰ গ্ৰহণ কৰিব পাৰে। ঠিক যেনেকুৱা হৈছে ইটালিত। সাধাৰণ পৰিচ্ছন্নতাৰ উপৰি বিশেষ দৰকাৰ নপৰিলে ঘৰৰ বাহিৰলৈ নোযোৱাই ভাল।
এই মৰণ ভাইৰাছৰ পৰা নিজকে বচাবলৈ বিশ্ব স্বাস্থ্য সংস্থা (হু) এবং ভাৰত চৰকাৰে যি নিয়ম-বিধি প্ৰৱৰ্তন কৰিছে, তাক মানি চলা উচিত।
• বিশেষ প্রয়োজন অবিহনে ঘৰৰ বাহিৰলৈ নোলাব৷
• ধূমপান, মদ্যপানৰ দৰে নিচা ত্যাগ কৰি স্বাস্থ্যকৰ জীৱন-যাপন কৰক।
• খোৱাৰ পূৰ্বে ভালদৰে হাত চাবোনেৰে ধোৱক। অকাৰণত মুখ-নাক-চকুত হাত নিদিব।
• হাঁচি, কাহ, গলৰ খিচখিচনি বা চর্দি-জ্বৰ হ’লে অৱশ্যেই পৃথকে থাকক আৰু চিকিৎসকৰ পৰামর্শ লওক।
• ভিটামিন-এই জীবাণুসমূহৰ বিৰুদ্ধে যুঁজ কৰিব পাৰে। সেয় টেবলেট-কেপচুল নহয়, খাদ্যত থকা ভিটামিনেই ভাল। ভিটামিন-এ পোৱা যায় গাজৰ, কমলা-নেমু, বিলাহী, কণীৰ কুহুম, পালেং শাক, ৰঙা আলু, ব্রোকোলিসহ নানা সতেজ ফল আৰু পাচলিত।
• ভিটামিন-ডিয়ে ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায়। নিয়মমতে ইয়াক খাদ্যৰ তালিকাত ৰাখক। লগতে গাখীৰ বা দুগ্ধজাত খাদ্য, কাঠফুলা, কণী খাব লাগিব।
• আমলখিসহ সকলো ধৰণৰ নেমুতে থকা ভিটামিন-চিয়ে ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায়।
• অসুখ সম্পর্কে সচেতন থাকক। অযথা ভয় নাখাব।













