ASSAM TIMES POST
শ্ৰেষ্ঠ নাট্যদল “শ্ৰীমন্ত শঙ্কৰ মাধৱ নাট্যগোষ্ঠী, যোৰহাটৰ “যযাতিৰ জৰাপ্ৰাপ্তি পুৰুৰ ৰাজ অভিষেক” নাটকে
অজন্তা তালুকদাৰ, বোকাখাত
বোকাখাত মহকুমাবাসীৰ উদ্যোগত আৰু নুমলীগড় ধোদাং বাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা অসম ৰাজ্যিক ভাওনা সমাৰোহ ২০২০ ৰ সফলতাৰে সামৰণি পৰে। ৯ মাৰ্চত অস্থায়ী নামঘৰত আসন প্ৰতিষ্ঠা কৰে শ্ৰী শ্ৰী গোমোঠা মাহহৰা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী গৌতম গোস্বামীয়ে।


১১ মাৰ্চত পুৱা পতাকা উত্তোলন কৰে প্ৰবীণ অভিনেতা নাট পৰিচালক শিল্পী পেঞ্চনাৰ কেশৱ হাজৰিকাই। বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে স্থানীয় বয়োজ্যেষ্ঠ ব্যক্তি প্ৰফুল্ল শইকীয়াই। ভাওনা সমাৰোহ উদ্বোধন কৰে শ্ৰী শ্ৰী কুৰুৱাবাহী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী গোপাল চন্দ্ৰ গোস্বামীয়ে।
প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ ভাওনা দল হিচাপে পুৰষ্কৃত হয় শ্ৰীমন্ত শঙ্কৰ মাধৱ নাট্যগোষ্ঠীৰ নাটক “যযাতিৰ জৰাপ্ৰাপ্তি পুৰুৰ ৰাজ অভিষেক” , দ্বিতীয় শ্ৰেষ্ঠ দল যুটীয়া ভাৱে লাভ কৰে যোৰহাটৰ গুৰু শংকৰ নাট্যগোষ্ঠীৰ ধ্ৰুৱচৰিত্ৰ আৰু যোৰহাটৰে ত্ৰিনয়ন শিল্পী সমাজৰ সাৱিত্ৰী সত্যৱান নাটখনে । তৃতীয় স্থান লাভ কৰে যুটীয়া ভাবে যোৰহাটৰ সাৰঙ্গপানী নাট্যদলৰ সিন্ধুমুণিৰ পিতৃভক্তি আৰু পশ্চিম যোৰহাটৰ ৰত্নাৱলী শিল্পী সমাজৰ কল্মাষপাদ উপাখ্যান নাট খনে।
শ্ৰেষ্ঠ পৰিচালক মিন্টুবৰা ,নাট যযাতিৰ জৰাপ্ৰাপ্তি পুৰুৰ ৰাজ অভিষেক” , দ্বিতীয় শ্ৰেষ্ঠ পৰিচালক অভিজিত হাজৰিকা, নাট ধ্ৰুৱচৰিত্ৰ। শ্ৰেষ্ঠ মূখা শিল্পৰ বঁটা লাভ কৰে অজামিল উপাখ্যান আৰু দ্বিতীয় স্থান লাভ কৰে সিন্ধুমুণিৰ পিতৃভক্তিয়ে। শ্ৰেষ্ঠ গায়ন বায়নৰ দল ধ্ৰুৱ চৰিত্ৰ নাটে আৰু দ্বিতীয় স্থান লাভ কৰে সাৱিত্ৰী সত্যৱান নাটখনে।
শ্ৰেষ্ঠ সূত্ৰধাৰ ধ্ৰুৱ চৰিত্ৰ নাটৰ দিপাংকৰ বৈৰাগী, আৰু দ্বিতীয় স্থান যুটীয়া ভাবে ক্ৰমে কল্মাষপাদ নাটৰ দেৱাশীষ বৰা আৰু সাৱিত্ৰী সত্যৱান নাটৰ জিতুমণি শইকীয়াই। শ্ৰেষ্ঠ গায়ন বায়ন (দোহাৰ) ধ্ৰুৱ চৰিত্ৰৰ অভিজিত হাজৰিকা(গায়ন) আৰু প্ৰাণ প্ৰতীম শইকীয়া(বায়ন) । দ্বিতীয় শ্ৰেষ্ঠ কল্মাষপাদ নাটৰ প্ৰনৱ দত্ত(গায়ন) আৰু মনোৰঞ্জন বৰা(বায়ন)।
শ্ৰেষ্ঠ অভিনেতা (পুৰুষ) “যযাতিৰ জৰাপ্ৰাপ্তি পুৰুৰ ৰাজ অভিষেক নাটৰ যযাতিৰ চৰিত লাতুমণি বৰা , দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা ধ্ৰুৱ চৰিত্ৰ নাটৰ তপন সিংহ চৰিত্ৰৰ ত্ৰিলোচন বৰাই । শ্ৰেষ্ঠ অভিনেতা (নাৰী) যুটীয়া ভাবে যযাতিৰ জৰাপ্ৰাপ্তি পুৰুৰ ৰাজ অভিষেক নাটৰ দেৱযানী চৰিত্ৰৰ জোন বৰুৱা আৰু সাৱিত্ৰী সত্যৱান নাটৰ সাৱিত্ৰী চৰিত্ৰৰ প্ৰকাশ কাশ্যপে লাভ কৰে। শ্ৰেষ্ঠ শিশু অভিনেতা ধ্ৰুৱ চৰিত্ৰ নাটৰ প্ৰীতম বৰা , দ্বিতীয় কল্মাষপাদ নাটৰ অনিৰ্বান বৰা ।
শ্ৰেষ্ঠ সহ চৰিত্ৰ সাৱিত্ৰী সত্যৱান নাটৰ যম চৰিত্ৰত ধ্ৰুৱজ্যোতি দত্ত , দ্বিতীয় স্থান লাভ কৰে যুটীয়াভাবে কবালস্য উপাখ্যানৰ ৰন্তু বৰা আৰু সিন্ধুমুণিৰ পিতৃভক্তি নাটৰ ৰঞ্জন দাসে। আনহাতে বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ক্ৰমে উৎপল নাথ (বামণ অৱতাৰ), শিৱশংকৰ হাজৰিকা (কল্মাষপাদ), ৰিতুল হাজৰিকা (অজামিল উপাখ্যান), ৰূপাংকৰ বৰা (কল্মাষপাদ), ৰাজীৱ শইকীয়া (সিন্ধুমুণিৰ পিতৃভক্তি), নৃপে শইকীয়া (যযাতিৰ..), স্বৰাজ জ্যোতি বৰা (অজামিল উপাখ্যান), লক্ষ্য জ্যোতি দত্ত (সিন্ধুমুণিৰ পিতৃভক্তি), বিদ্যুত মহন্ত (সাৱিত্ৰী সত্যৱান)ই।প্ৰতিযোগিতাৰ বিচাৰক হিচাপে আছিল অমিতাভ বৰদলৈ, অৰুণ মহন্ত, সুৰজিত ভূঞা, অনিল বৰা আৰু মনো বৰা ।
উদযাপন সমিতিৰ সভাপতি বোকাখাতৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰা , সম্পাদক প্ৰদীপ বৰাৰ লগতে সত্ৰাধিকাৰ গৌতম গোস্বামী, প্ৰদ্যুত মহন্ত, বিপিন হাজৰিকা, চন্দ্ৰশেখৰ গগৈ, তৰুণ বৰুৱা আদিয়ে প্ৰতিযোগিতা খনিৰ উদযাপনৰ বাবে সহায় সহযোগিতা আগবঢ়োৱা সমূহ ধোদাং বাসীৰ লগতে মহকুমাটোৰ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।













