ASSAM TIMES POST
পানাজীঃ ফৰ্মেলিন বা ফৰ্মেলডিহাইড যুক্ত মাছ খালে কৰ্কট ৰোগ নহয় বুলি বৃহস্পতিবাৰে কয় গোৱাৰ স্বাস্থ্যমন্ত্ৰী বিশ্বজিত ৰাণেয়ে। মূলতঃ ৰাজ্যখনত কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰসংগতে তেওঁ এইদৰে কয়।
ৰাজ্যখনৰ আন মন্ত্ৰী বা বিধায়কসকলৰ অভিযোগ নস্যাৎ কৰি তেওঁ কয় যে ফৰ্মেলিনযুক্ত মাছ খালে কেন্সাৰ হয় বুলি কোনো গৱেষণাত প্ৰমাণ হোৱা নাই। উল্লেখ্য মাছক সংৰক্ষণ কৰিবলৈ ফৰ্মেলিন ব্যৱহাৰ কৰা হয়।
কেইবাদিনলৈ সতেজ কৰি ৰাখিবলৈ গোৱা, অন্ধ প্ৰদেশ আদি ৰাজ্যত ফৰ্মেলিন ব্যৱহাৰ কৰি অহা হৈছে। অসমতো ইয়াকে লৈ সচেতনতা অৱলম্বন কৰিছে সংশ্লিষ্ট বিভাগে।













