ASSAM TIMES POST,গোলাঘাটঃ সদৌ চুতীয়া জাতি সন্মিলন, অসমৰ প্ৰাক্তন সভাপতি, মাহমৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক শৰৎ শইকীয়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে সদৌ চুতীয়া জাতি উন্নয়ন পৰিষদৰ অধ্যক্ষ জীতেন শইকীয়াই। অধ্যক্ষ শইকীয়াই শৰৎ শইকীয়াৰ মৃত্যুত চুতীয়া জাতিটোৰ এগৰাকী পুৰোধা ব্যক্তি হেৰাল বুলি মন্তব্য কৰে। লগতে শইকীয়াই কয় যে প্ৰয়াত শইকীয়া সুদীৰ্ঘকাল চুতীয়া জাতি সন্মিলনৰ সভাপতিৰ পদত অধিষ্ঠিত হোৱাৰ লগতে তেওঁৰ কাৰ্যকালতেই ‘চুতীয়া জাতি বুৰঞ্জী’ প্ৰকাশ কৰি উলিয়াই জাতিটোৰ বাবে উল্লেখনীয় বৰঙণি আগবঢ়াই থৈ গৈছে। ইয়াৰোপৰি চুতীয়া জাতিৰ বীৰাঙ্গনা সতী সাধনী দিৱসটি চৰকাৰীভাৱে উদযাপন কৰাৰ ক্ষেত্ৰত প্ৰয়াত শইকীয়াই বিশেষ ভূমিকা পালন কৰিছিল। ইফালে সদৌ চুতীয়া জাতি সন্মিলনৰ সভাপতি অমিয় কুমাৰ বৰাই শইকীয়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ মৃত্যু জাতিটোৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে। বৰাই প্ৰয়াত শইকীয়াই জাতিটোৰ সৰ্বাঙ্গীন উন্নতিৰ হকে যিখিনি বৰঙণি আগবঢ়াই গ’ল তাক সন্মিলনৰ লগতে জাতিটোৱে সদায় শ্ৰদ্ধাৰে স্মৰণ কৰি থাকিব বুলি উল্লেখ কৰি প্ৰয়াত শইকীয়াৰ বিদেহ আত্মাৰ সদগতি কামনা কৰে। উল্লেখ্য বৃহস্পতিবাৰে পুৱা ১০.১০ বজাত কলকাতাৰ এখন চিকিৎসালয়ত প্ৰাক্তন বিধায়কজনে শেষ নিশ্বাস ত্যাগ কৰে।













