<div dir="auto"> <div dir="auto"><span style="font-size: 14pt;"><img class="alignnone wp-image-1414" src="https://wordpress-440531-1379741.cloudwaysapps.com/wp-content/uploads/2019/07/assam_times_post-2-202x300.jpeg" alt="" width="30" height="45" /><strong>গোলাঘাটঃ</strong> বৃহস্পতিবাৰে গোলাঘাট চহৰৰ ক’ৰ্ট ৰোডৰ সমাজকল্যাণ বিভাগ কাৰ্যালয়ৰ সমীপৰ এটা নলাৰ পৰা ১৫ হাজাৰ টকা উদ্ধাৰ হয়। গোলাঘাটৰ সাংবাদিক ঋতুৰাজ বৰুৱাই উক্ত পথচোৱাই গৈ থকা অৱস্থাত নলাত কেইবাটাও ৫০০ টকীয়া নোট প্ৰত্যক্ষ কৰে। শেষত টকাখিনি উদ্ধাৰ কৰি টকাখিনি কাৰ আৰু তাক কেনেকৈ পৰি আছিল তাৰ কোনো শুংসূত্ৰ উলিয়াব নোৱাৰি শেষত গোলাঘাট সদৰ আৰক্ষী থানাত চমজাই দিয়ে। বৰ্তমান সময়ত সাংবাদিক বৰুৱাৰ এনে মহানতাত সকলোৱে প্ৰসংশা কৰিছে।</span></div> </div>