ASSAM TIMES POST
গুৱাহাটী : ৰাইজৰ জীৱন নিৰাপত্তা প্ৰতি লক্ষ্য ৰাজ্যিক নিৰ্বাচন আয়োগে আনুষ্ঠানিক ভাৱে ঘোষণা কৰিলে বিটিছি পৰিষদীয় নিৰ্বাচন অনিৰ্দিষ্ট কাললৈ পিছোৱাই দিয়া কথা।গুৱাহাটীত আজি এক সংবাদ মেল সম্বোধন কৰি এই কথা ঘোষণা কৰিলে ৰাজ্যিক নিৰ্বাচন আয়ুক্তই।নিৰ্বাচন কেতিয়া পুনৰ অনুষ্ঠিত হব সেই কথা পৰৱৰ্তী সময়ত নতুনকৈ ঘোষণা কৰা হব বুলি আয়ুক্ত গৰাকীয়ে লগতে কয়।
ইফালে নিৰ্বাচনত অৱৰ্তীন হোৱা বাবে ইতিমধ্যে যি সকল প্ৰাৰ্থীয়ে মনোনয়ন দিছে তেওঁলোকৰ মনোনয়ন বৈধ হোৱা বুলি উল্লেখ কৰি আয়ুক্ত গৰাকীয়ে কয় “প্ৰাৰ্থী সকলৰ তালিকা প্ৰকাশ কৰিব আয়োগে।তেওঁলোকৰ মাজতে অনুষ্ঠিত হব নিৰ্বাচন”। পৰিস্থিতিৰ ওপৰত নিৰ্বাচনৰ নতুন দিন ঘোষণা কৰা হব বুলি উল্লেখ কৰি আয়োগে কয় “জনসাধাৰণৰ স্বাস্থ্যৰ নিৰাপত্তা প্ৰতি লক্ষ্য ৰাখি লোৱা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত”।
এতিয়াৰ পৰা কোনো প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাব নোৱাৰিব বুলি উল্লেখ কৰি আয়োগে কয় “নতুন দিন ঘোষণা কৰাৰ পিছত পুনৰ প্ৰচাৰ অভিযান চলোৱা বাবে দিয়া হব সময়” এতিয়াৰ পৰা বিটিচিত বৃহৎ গণ সমাৱেশ সমূহ নিষিদ্ধ কৰাত প্ৰশাসনৰ কোনো বাধা নাথাকিব।লগতে আয়োগে কয়। উল্লেখ অহা ৪এপ্ৰিলত অনুষ্ঠিত হোৱা কথা আছিল বিটিচি নিৰ্বাচন।৮এপ্ৰিলত ঘোষণা কৰা কথা আছিল ফলাফল।শনিবাৰে প্ৰকাশ পোৱা কথা আছিল চূড়ান্ত প্ৰাৰ্থী তালিকা।













