ASSAM TIMES POST
নিউজ ডেস্ক
শিৱসাগৰ সদৰ আৰক্ষী ৰাষ্ট্ৰদ্রোহী গোচৰৰ পাছত এইবাৰ চাবুৱা থানা ২৮৯/২০১৯নম্বৰ গোচৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক গ্ৰেপ্তাৰ কৰিবলৈ সাজু আৰক্ষী।চাৰিদিনৰ বাবে শিৱসাগৰ সদৰ আৰক্ষী জিম্মাত থকা অখিলক ইতিমধ্যে ডিব্ৰুগড় জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে।
যিকোনো মুহূৰ্তত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে কৃষক নেতাজনক। উল্লেখ যে চাবুৱা থানা ভাৰতীয় দণ্ডবিধি- 120B, 147, 148, 149, 336, 353, 326, 307 ধাৰাত গগৈৰ বিৰূদ্ধে ৰুজু হৈ আছে গোচৰ।
গুৰুত্বপূৰ্ণ কথা এই যে যোৱা মংগলবাৰে মাওবাদী অভিযোগত নিয়া গোচৰত জামিন লাভ কৰিছিল কৃষক নেতা গগৈয়ে।জামিন লাভ কৰা কেই মুহূৰ্ত মানৰ পিছতে শিৱসাগৰ আৰক্ষীয়ে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকাৰ অৱস্থাতে ৰাষ্ট্ৰদ্রোহ গোচৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল।













