ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত
বিশ্ব সংহাৰকাৰী মহামাৰীৰ সৃষ্টি কৰা ক’ৰণা ভাইৰাছ প্ৰতিৰোধৰ বাবে লোৱা প্ৰচেষ্টাৰ প্ৰতি ভাৰত চৰকাৰে লোৱা প্ৰতিৰোধ প্ৰতিৰক্ষালৈ দেশবাসীয়ে পূৰ্ণ সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হৈছে। বোকাখাতৰ ৰাজহুৱা স্থানসমূহতো প্ৰশাসনৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই প্ৰায় শূণ্যৰ ঘৰত দহ বছৰৰ তলৰ শিশু আৰু জ্যেষ্ঠ নাগৰিকৰ উপস্থিতি পৰিলক্ষিত হৈছে।
সেই উদ্দেশ্যে আজি বোকাখাতৰ সমূহ সাংবাদিকে একগোট হৈ বোকাখাতৰ সকলো ব্যৱসায় প্ৰতিষ্ঠানত কৰোণা ভাইৰাছৰ সংক্ৰমণ আৰু প্ৰতিৰোধৰ বাবে লবলগীয়া সাৱধানতাৰ ওপৰত ব্যৱসায়ী সকলক অৱগত কৰে। সাংবাদিক সকলে দোকানে দোকানে গৈ হোটেল সমূহ বন্ধ কৰাৰ আহ্বান জনোৱা লগতে চেলুন বিউটি পাৰ্লাৰ, সৰু সৰু চাহ মিঠাইৰ দোকান, বেকাৰীৰ গৰাকীক ব্যৱসায় প্ৰতিষ্ঠান সমূহ বন্ধ ৰাখি এই বিশ্ব আতংক মহামাৰী ভাইৰাছ সংক্ৰমণ ৰোধ কৰাত সকলোৰে সহযোগিতা কামনা কৰে।
সঘনাই হাত ধোৱা, প্ৰতিষ্ঠানলৈ অহা প্ৰতিগৰাকী গ্ৰাহকক হাত ধুবলৈ অনুৰোধ কৰা, প্ৰতিষ্ঠানৰ সন্মুখত চেনিতাইজাৰ, বা চাবোন আৰু পানী মজুত ৰাখিবলৈ অনুৰোধ কৰে। কাইলৈ বন্ধ সম্পৰ্কেও ৰাইজক অৱগত কৰে। আনহাতে বোকাখাতৰ নাট্য মন্দিৰৰ উদ্যোগত বোকাখাত দৈনিক বজাৰ এলেকাত বহুকেইটা হাত ধোৱা আহিলা প্ৰতিষ্ঠা কৰে আৰু হাত ধোৱা নিয়ম সমুহ ব্যবহাৰিক ভাবে উপস্থিত ৰাইজৰ সন্মুখত কৰি দেখুৱায়।
উল্লেখযোগ্য যে গােলাঘাট জিলাৰ উপায়ুক্তৰ দ্বাৰা এক নিৰ্দেশনা যোগে ইতিমধ্যে সৰ্বসাধাৰণ ৰাইজৰ জ্ঞাতার্থে জনােৱা হৈছে যে গােলাঘাট জিলাৰ অন্তৰ্গত সকলাে ৰাজহুৱা অনুষ্ঠান, ৰাজহুৱা মেল, সভা তথা চিনেমা হল, ব্যয়ামাগাৰ, সাঁতােৰ কেন্দ্র, জিলা পুথিভৰাল, ৰাজহুৱা পুথিভৰাল, থিয়েটাৰ হল, ৰাজহুৱা পেক্ষাগৃহ আদি অহা ২৯ মার্চ তাৰিখলৈ বন্ধ খাকিব। লগতে উল্লেখ কৰা হৈছে যে, গােলাঘাট জিলাৰ অন্তৰ্গত বিভিন্ন অনুষ্ঠান- প্রতিষ্ঠান, থিয়েটাৰ হল ইত্যাদিত অনুষ্ঠিত কৰিবৰ বাবে ইতিমধ্যে অনুমতি প্রদান কৰা সকলাে অনুমতি তৎকালনীভাৰে নাকচ কৰা হৈছে।
ইয়াৰ উপৰিও সকলাে চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠান তথা অংগনবাদী কেন্দ্র সমূহাে বন্ধ থাকিব কিন্তু অংগনবাদী কেন্দ্ৰৰ শিশুৰ বাবে আৱণ্টিত SNP/HCM ব্যৱস্থা অব্যাহত থাকিব। আৰু গৰ্ভৱতী মহিলাৰ THR ঘৰে ঘৰে যােগান ধৰাৰ লগতে গােলাঘাট জিলাৰ সকলাে পৌৰসভা এলেকাত বজাৰ সমূহৰ নলা-নর্দমা তথা শৌচাগাৰ, প্রস্রাৱগাৰ পৰিস্কাৰ-পৰিছন্নকৈ ৰাখিবৰ বাবে নির্দেশ জাৰি কৰা হৈছে। বিভিন্ন পৰ্য্যায়ৰ পঞ্চায়ত হাট-বজাৰ সমূহৰ পৰিস্কাৰ-পৰিচ্ছন্নতা বর্তাই ৰাখিব।
এই হাট-বজাৰ সমূহত গৰু -ছাগলী ম’হ জাতীয় জন্তুৰ বেচা-কিনা বন্ধ খাকিব। সকলাে চৰকাৰী আৰু বেচৰকাৰী কার্যালয় তথা প্রতিষ্ঠান সমূহে নিজ নিজ প্রতিষ্ঠান সমূহ চাফ চিকুণকৈ ৰখাৰ উপৰিও প্ৰসাৱগাৰ সমূহত স্বচ্ছতা নিয়াৰিকৈ পালন কৰিব। এই আদেশ তৎকালীনভাৱে বলৱৎ হৈছে বুলি উল্লেখ কৰা হৈছে। বোকাখাত মহকুমা প্ৰশাসনৰ পৰা দণ্ডাধীশ পৰ্যায়ত অহৰ্নিশে পৰ্যবেক্ষণ কৰি থকা পৰিলক্ষিত হৈছে।













