ASSAM TIMES POST
মুম্বাইঃ বলিউডৰ তাৰকা ৰণবীৰ সিঙৰ এখন ফটোৱে সম্প্ৰতি চৰ্চা লাভ কৰিছে। অভিনেতাজনে ছাৰ্ট নিপিন্ধাকৈ উঠা বিশেষ ফটোখনক লৈ সৰৱ হৈ পৰিছে চলচ্চিত্ৰ নিৰ্মাতা জয়া আখটাৰ। জয়াই অভিনেতাজনক উদ্দেশ্যি তেওঁ কি কাম কৰিছে তাক ভাবি চাবলৈ কয়।
ছ’চিয়েল মিডিয়াত জয়াই ভাল ‘আচৰণ’ কৰিবলৈ ৰণবীৰক কয়। উল্লেখ্য সম্প্ৰতি অভিনেতাজন “৮৩” শীৰ্ষক চলচ্চিত্ৰখনত ব্যস্ত হৈ আছে। ১৯৮৩ চনত ক্ৰিকেট বিশ্বকাপত ভাৰতৰ ঐতিহাসিক বিজয়ৰ ভিত্তিত ছবিখন নিৰ্মাণ কৰা হৈছে আৰু ৰণবীৰে প্ৰাক্তন কেপ্তেইন কপিল দেবৰ চৰিত্ৰত অভিনয় কৰিছে।













