ASSAM TIMES POST
ডিফু : কৰ’না ভাইৰাছৰ ভয়াবহতা আৰু জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছু কাৰবি আংলং জিলা সমিতি আৰু দূৰ্নিতী বিৰোধী যুৱশক্তিৰ যৌথ উদ্যোগত আজি কাৰবি আংলঙ জিলাৰ বোকাজান মহকুমাৰ লাহৰিজান অট’ ষ্টেণ্ডত জনসাধাৰণৰ মাজত, মাস্ক আৰু চাবোন বিতৰণ কৰা হয় ৷

দুয়োটা সংগঠনে প্ৰায় দুশ মাস্ক আৰু চাৰিশ চাবোন ৰাইজক বিনামূলীয়াকৈ বিতৰণ কৰে ৷ আনহাতে আজি ডিফু থানাতো সাধাৰণ ৰাইজ আৰু থানা ষ্টাফৰ ছেনিটাইজেছনৰ বাবে অ’চি চিৰাজ ইংতিয়ে বীজানুনাশক জুলীয়া দ্ৰব, পানী আৰু চাবোনৰ সুব্যৱস্থা কৰি দিয়ে ৷













