ASSAM TIMES POST
জিতেন বৰকটকী, নগাঁওঃ ৰাজ্যৰ আইন-শৃংখলা নিয়ন্ত্ৰণৰ বাবে অসম আৰক্ষীত আধুনিকীকৰণ প্ৰক্ৰিয়া অব্যাহত থকাৰ সময়তে বিভাগটোত উপ-পৰিদৰ্শক পৰ্যায়ৰ বিষয়াৰ অভাৱ ঘটিছে। যাৰ ফলস্বৰূপে আৰক্ষী থানা, আৰক্ষী চকী আৰু পহৰা চকী আদিৰ কাম-কাজ চলোৱাৰ লগতে থানাত পঞ্জীয়ন হোৱা গোচৰৰ দ্ৰুত তদন্ত কৰাত সমস্যাৰ সন্মুখীন হৈছে বিভাগটো।

মধ্য অসমৰ গুৰুত্বপূৰ্ণ তথা স্পৰ্শকাতৰ জিলা হিচাপে চিহ্নিত নগাঁৱতো পৰ্যাপ্ত পৰিমাণৰ উপ-পৰিদৰ্শক নথকাত অসুবিধাৰ সন্মুখীন হৈছে জিলা আৰক্ষী প্ৰশাসন। প্ৰাপ্ত তথ্যমতে জিলাখনত ১৫খন পূৰ্ণ পৰ্যায়ৰ আৰক্ষী থানা থকাৰ লগতে ৩১টা আৰক্ষী চকী আৰু পহৰা চকী আছে। ইয়াৰ বাহিৰেও নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়, নগাঁও আদালত আৰক্ষী থানা, আৰক্ষীৰ সংৰক্ষিত বিষয়াৰ কাৰ্যালয়, যান-বাহন নিয়ন্ত্ৰণ শাখা আদিত উপ- পৰিদৰ্শক পৰ্যায়ৰ বিষয়াৰ প্ৰয়োজন। বিভাগীয় কাম চম্ভালিবলৈ জিলাখনত ১০৮ জন উপ-পৰিদৰ্শকৰ প্ৰয়োজন যদিও বৰ্তমান কৰ্তব্যৰত উপ-পৰিদৰ্শকৰ সংখ্যা হৈছে ৫৬ জন।
আনহাতে ২০১৮ চনৰ ডিচেম্বৰত জিলাখনত ৮১ জন আৰক্ষী উপ-পৰিদৰ্শক আছিল যদিও অৱসৰ, পদোন্নতি আৰু নিৰ্বাচনকেন্দ্ৰিক বদলিৰ বাবে আৰক্ষী উপ-পৰিদৰ্শকৰ সংখ্যা হ্রাস পাইছে আৰু বৰ্তমানলৈকে এই পদসমূহ পূৰণ হোৱা নাই। নগাঁও সদৰ আৰক্ষী থানাত প্ৰতিমাহে চাৰিশৰো অধিক গোচৰ পঞ্জীয়ন হয়। এই গোচৰ সমূহৰ দ্ৰুত তদন্তৰ বাবে আৰক্ষী থানাখনত প্ৰায় দহজন আৰক্ষী উপ-পৰিদৰ্শকৰ প্ৰয়োজন যদিও ইয়াত বৰ্তমান তিনি-চাৰিজনহে উপ-পৰিদৰ্শক থকাত গোচৰৰ তদন্ত প্ৰক্ৰিয়াত অসুবিধাৰ সৃষ্টি হৈছে।
উল্লেখ্য, নগাঁৱৰ পূৰ্ণাংগ আৰক্ষী থানা সমূহতো ভাৰপ্ৰাপ্ত বিষয়াজনৰ লগতে আৰু দুজন উপ-পৰিদৰ্শকৰ প্ৰয়োজন। কিন্তু বহুকেইখন থানা এজন উপ-পৰিদৰ্শকে চলাবলগীয়া হৈছে। তদুপৰি জিলাখনৰ ৬-৭ খন গুৰুত্বপূৰ্ণ আৰক্ষী চকী উপ-পৰিদৰ্শকৰ অভাৱৰ বাবেই সহকাৰী উপ-পৰিদৰ্শকে চলাবলগীয়া হৈছে।













