ASSAM TIMES POST
নিউজ ডেস্ক
বিশ্বত্ৰাস মহামাৰী ক’ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ নৱগ্ৰহ দেৱালয়।এই কথা জনালে নৱগ্ৰহ দেৱালয় পৰিচালনা সমিতিয়ে।
সংবাদ মাধ্যমলৈ আগবঢ়োৱা এক বিজ্ঞপ্তিত দেৱালয় কতিপক্ষ উল্লেখ কৰিছ চৰকাৰে আগবঢ়োৱা নীতি নিৰ্দেশনাক গুৰুত্ব দিয়াৰ লগতে জনতাৰ কল্যানৰ বাবে নৱগ্ৰহ দেৱালয় দৰ্শনাৰ্থীৰ বাবে অনিৰ্দিষ্টকাললৈ বন্ধ ৰখাৰ সিদ্ধান্ত লয় লোৱা হৈছে।অৱশ্যে বিজ্ঞপ্তিতো প্ৰকাশ কৰা অনুসৰি “ৰাইজৰ মংগলাৰ্থে নিয়মীয়া দৈনন্দিন পূজাভাগ চলি থাকিব”।













