ASSAM TIMES POST
বোকাখাত : বিশ্ব সংহাৰকাৰীৰ ৰূপত মূৰ ডাঙি উঠিজে ক’ভিদ-১৯। সেউজ পৃথিৱীক এক মৃত্যু উপত্যকালৈ পৰিবৰ্তন কৰি এক গোলকীয় মৰিশালিলৈ পৰিণত কৰাৰ উপক্ৰম কৰা কৰ’ণা ভাইৰাছক আমাৰ দেশত প্ৰতিৰােধ কৰাৰ পদক্ষেপ হিচাবে ২২ মাৰ্চ, দেওবাৰৰ পৰা ২৪ মাৰ্চ, মঙলবাৰলৈ সন্মিলিত মটৰ পৰিবহণ সন্থা, গােলাঘাটে সকলাে ব্যৱসায়িক যাত্রীবাহী যান বাহনৰ চলাচল বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে।
সভাপতি পূৰ্ণ ৰাজখোৱা আৰু যুটীয়া সম্পাদক শৰৎ শইকীয়াৰ স্বাক্ষৰিত এক জাননীযোগে সকলাে সদস্যক যান বাহনৰ চলাচল অহা তিনি দিনৰ বাবে বন্ধ ৰাখিবলৈ আহ্বান জনাইছে।













