ASSAM TIMES POST
বোকাখাত : বিশ্ব সংহাৰকাৰী বিষাক্ত মহামাৰী ক’ভিদ-১৯ ৰ প্ৰতিৰোধৰ বাবে লোৱা প্ৰচেষ্টাৰ পদক্ষেপ হিচাপে আজিৰে পৰা অহা ৩১ মাৰ্চ পৰ্যন্ত বোকাখাত মহকুমাত বন্ধ হ’ল সমূহ কেঁচা মাছ আৰু মাংসৰ বজাৰ। ১৪৪ ধাৰাৰ অন্তৰ্গত জনস্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি অহা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি আৰু আচাম ক’ভিদ ৰেগুলেশ্যনচ ২০২০ আইনৰ অধীনত কৰ’ণা ভাইৰাচ ৰোধ কৰাৰ স্বাৰ্থতে যোৱা ২১ মাৰ্চত বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে স্বাক্ষৰ কৰা বি এম জে ৬/২০১৮/২৮৯ নং জাননী যোগে অনতিপলমে কাৰ্যকৰী হোৱাকৈ বোকাখাত মহকুমাৰ মাছ-মাংস কটা, বেচা আৰু ক্ৰয় কৰা সমূহ বজাৰ অহা ৩১ মাৰ্চ পৰ্যন্ত বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰে।
ইতিমধ্যে বোকাখাতৰ কেঁচা মাছ-মাংসৰ বজাৰত প্ৰতিদিনে সৃষ্টি হোৱা বৃহৎ জন-সমাৱেশৰ দ্বাৰা কভিদ-১৯ সহজেই বোকাখাতত প্ৰৱেশ কৰাৰ সম্ভাৱনাৰ কথা মহকুমাধিপতিগৰাকীক অৱগত কৰি অহা হৈছিল বুলিও জাননীখনত উল্লেখ কৰা হৈছে। লগতে এই নিৰ্দেশ এৰাই চলা, বদলি কৰা বা অমান্য কৰা ব্যক্তি ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৮৮ৰ অধীনত দোষী সাব্যস্ত হ’ব বুলিও সকিয়াই দিয়া হয়।













