ASSAM TIMES POST
গুৱাহাটী : কৰো’ণা ভাইৰাছ সংক্ৰমন প্ৰতিৰোধৰ বাবে ৰাজ্যত সকলো বিলাক যাত্ৰীবাহী বাহন ৩১মার্চলৈ বন্ধ ঘোষণা।ৰাজ্যত চলাচল কৰা সকলোবোৰ দূৰণিৱতীয় বাছ সেৱা লগতে সকলোবোৰ যাত্ৰীবাহী গাড়ীসেৱা বন্ধ কথা ঘোষণা কৰিলে অসম চৰকাৰৰ পৰিবহন বিভাগে।
উল্লেখ যে এই গুৰুত্বপূৰ্ণ সময়ছোৱাত কেৱল জৰুৰীকালীন সেৱা লগত জড়িত গাড়ী আৰু মালবাহী গাড়ী সমূহ চলাল কৰিব। গুৰুত্বপূৰ্ণ কথা এই যে অসমৰ লগতে অন্য ৰাজ্য আৰু স্বায়ত্ব শাসিত অঞ্চললৈ যাব লগা যাত্ৰীবাহী গাড়ী সেৱা বন্ধ থাকিব বুলি পৰিবহন বিভাগে প্ৰকাশ কৰা বিজ্ঞপ্তিতোত উল্লেখ আছে। ইফালে এই নির্দেশনা ব্যক্তিগত বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য নহব বুলি বিজ্ঞপ্তিতোত উল্লেখ আছে।
জনতা কাৰ্ফিউ দিনটোত যিসকল যাত্ৰী ৰেল-বিমানেৰে আহি বিভিন্ন স্থানত আবদ্ধ হৈ আছে সেইসকল যাত্ৰীৰ বাবে পৰিবহন বিভাগে ৮০খন বিশেষ বাহনৰ ব্যৱস্থা কৰিছে।গুৱাহাটী আইএছবিটি পৰা ৰাজ্য বিভিন্ন জিলালৈ যাব লগা যাত্ৰী সকলক স্বাস্থ্য পৰীক্ষাৰ কৰি ৰাতি ৯বজালৈ বিশেষ বাহনৰ সুবিধা কৰিছে।













