ASSAM TIMES POST
মুম্বাইঃ ১৯৪২ চনৰ ১১ অক্টোবৰত জন্মগ্ৰহণ কৰা মেগাষ্টাৰ অমিতাভ বচ্চনে শুকুৰবাৰে ভুলবশতঃ জন্মদিন পালন কৰে। ইয়াকে লৈ চৰ্চা আৰম্ভ হোৱাতে বিগ বিয়ে স্পষ্টীকৰণ দাঙি ধৰিবলগীয়া হয়। টুইটাৰত বচ্চনে কয় যে ১৯৮২ চনৰ ২ আগষ্টত জনপ্ৰিয় চলচ্চিত্ৰ ‘কুলি’ৰ চিত্ৰগ্ৰহণৰ সময়তে এটা ভয়ংকৰ দুৰ্ঘটনাত তেওঁ পতিত হৈছিল।
ইয়াৰ বাবে তেওঁ দীৰ্ঘসময় হাস্পতালৰ বিচনাত কটাবলগীয়া হয়। কিন্তু লাখ-লাখ অনুৰাগী-শুভাকাংক্ষীৰ প্ৰাৰ্থনাৰ বিনিময়ত সুস্থ হৈ উঠিছিল তেওঁ। সেয়ে তেওঁৰ ভাষাত ২ আগষ্টৰ দিনটো ‘নতুন জীৱন প্ৰাপ্তিৰ দিন’। যাক তেওঁৰ ‘দ্বিতীয় জন্মদিন’ হিচাপে জনাজাত।
ইয়াৰ পৰিপ্ৰেক্ষিততে ১৯৮৩ চনৰ পৰা ২ আগষ্টৰ দিনটোত ‘দ্বিতীয় জন্মদিন’ পালন কৰিবলৈ লয় তেওঁ। সেই অনুসৰি শুকুৰবাৰৰ দিনটোতো উলহ-মালহৰে পালন কৰা হয় তেওঁৰ বিশেষ জন্মদিনটো। ইয়াত অভিনেতা পুত্ৰ অভিষেক বচ্চন তথা পৰিয়ালৰ আন সদস্যসকলো উপস্থিত থাকে।













