ASSAM TIMES POST
গুৱাহাটী : বিশ্বত্ৰাস ক’ৰনা ভাইৰাছ সংক্ৰমন প্ৰতিৰোধৰ পৰা নিজকে ৰক্ষা কৰা বাবে মংগলবাৰৰ পৰা পৰা গুৱাহাটী মহানগৰীত বন্ধ থাকিব বাতৰি কাকত বিতৰণ।৩১মাৰ্চ পৰ্যন্ত বাতৰি কাকত বিতৰণ বন্ধ কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটীৰ হোকাৰ সকলে।হোকাৰ সকলৰ এক বৈঠকত গ্ৰহণ কৰা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
উল্লেখ যে হোকাৰ সকলৰ এই ঘোষণাৰ পিছত মহানগৰবাসীয়ে মংগলবাৰৰ পৰা পুৱাই নাপাব বাতৰি কাকত।গুৰুত্বপূৰ্ণ কথা এই যে ইতিমধ্যে দেশত জটিল ৰূপ ধাৰণ কৰা ক’ৰনা সংক্ৰমন ৰোধ কৰা বাবে কেন্দ্রই প্ৰতিখন ৰাজ্য চৰকাৰক মংগলবাৰৰ পৰা পাঁচ দিনলৈ লক ডাউন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।













