ASSAM TIMES POST
বোকাখাত : বিশ্বজোৰা সন্ত্ৰাস ক’ভিদ-১৯ প্ৰতিৰোধৰ যুঁজত ক্ষীপ্ৰতাৰে অৱতীৰ্ণ হৈছে বোকাখাত মহকুমা প্ৰশাসনৰ লগতে বোকাখাতৰ চিকিৎসা বিভাগ। সচেতন ৰাইজৰ লগতে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা গৰিষ্ঠসংখ্যক অসচেতন ৰাইজক কৰ’ণা ভাইৰাচৰ বিষয়ে সজাগ কৰি সেইসকলক ভাইৰাচবিধৰ সম্ভাব্য সংক্ৰমণৰ প্ৰতিৰোধ ব্যৱস্থা লোৱাৰ অহৰহ প্ৰচেষ্টাত লিপ্ত হৈছে মহকুমাটোৰ প্ৰশাসনৰ লগতে চিকিৎসা বিভাগ।
কৰ’ণা সজাগতা আৰু সম্ভাব্য প্ৰতিৰোধৰ সহজ প্ৰক্ৰিয়াৰ বাবে মহকুমাটোক ক্ৰমে কঁহৰা, বোকাখাত, ডিফলু, মেঠনি, নুমলীগড় আৰু কমাৰগাঁও এই পাঁচটা ভাগত ভগাই লৈ প্ৰতিটো ভাগতে অহৰহ কাম কৰি আছে এম্বুলেঞ্চ, চিকিৎসক আৰু অন্যান্য চিকিৎসা কৰ্মীৰে উপলব্ধ পাঁচটাকৈ জৰুৰী ভ্ৰাম্যমাণ চিকিৎসা গোটে। উল্লেখ্য যে ৰাজ্যখনৰ লগতে দেশ আৰু বিদেশৰ বিভিন্ন স্থানৰ পৰা ইতিমধ্যে বোকাখাত মহকুমাৰ বিভিন্ন স্থানত থকা স্বগৃহলৈ উভতি অহা কৰ্মৰত লোক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰাথমিক স্বাস্থ্য পৰীক্ষা ভ্ৰাম্যমাণ জৰুৰী চিকিৎসা গোট আৰু বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত নিয়মিতভাৱে সম্পন্ন কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে অসামৰিক চিকিৎসালয়খনৰ ভাৰপ্ৰাপ্ত অধীক্ষক ডাঃ মিলন কুমাৰ লস্কৰে।
অধীক্ষক গৰাকীয়ে আৰু জানিবলৈ দিয়ে যে বোকাখাত মহকুমাত এতিয়ালৈ কৰ’ণা ভাইৰাচৰ চিনাক্তকৰণ হোৱা নাই যদিও সাৱধানতা-জনীত কাৰণত মহকুমাটোৰ উক্ত পাঁচটা ভাগৰ অন্তৰ্গত অঞ্চলসমূহত আৰু চিকিৎসালয়খনত এই পৰ্যন্ত প্ৰায় তিনিশৰো অধিক লোকৰ প্ৰাথমিক স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰি তেনে লোকসকলক দুসপ্তাহৰ বাবে নিজ গৃহত অকলশৰীয়াকৈ থাকি পৰ্য্যবেক্ষণত ৰখাৰ পৰামৰ্শ প্ৰদান কৰিছে চিকিৎসা বিভাগে।
এইক্ষেত্ৰত মহকুমাটোৰ সজাগ ৰাইজে লোৱা তৎপৰ ভূমিকাৰ বাবে চিকিৎসা বিভাগৰ অধিক ক্ষীপ্ৰতাৰে দায়িত্ব পালন সম্ভৱ হৈছে যদিও দুই এক লোকে প্ৰাথমিক স্বাস্থ্য পৰীক্ষা নকৰি আত্মগোপন কৰি থকাৰ কথা পোহৰলৈ আহিছে। অৱশ্যে প্ৰশাসনৰ লগতে স্থানীয় সজাগ ব্যক্তি-অনুষ্ঠানৰ সহায়ত তেনে লোকক বিচাৰি আনি স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হৈছে বুলি জানিব পৰা গৈছে। তদুপৰি চিকিৎসা পৰমৰ্শ অগ্ৰাহ্য কৰি কোনো কোনো ব্যক্তিক বাহিৰত মুকলিকৈ ঘূৰি ফুৰাও প্ৰত্যক্ষ কৰা হৈছে।
সেয়েহে ভাইৰাচ সংক্ৰমণ ৰোধৰ বাবে তেনে ব্যক্তিৰ ক্ষেত্ৰত প্ৰশাসনে কঠোৰ ভূমিকা ল’ব বুলি সতৰ্ক কৰি দি চিকিৎসা পৰামৰ্শ মানি ল’বলৈ নিৰ্দেশ দিছে। এই সমূহ সজাগতা ঘোষণাৰ লগতে চিকিৎসকৰ পৰামৰ্শ অগ্ৰাহ্য কৰা লোকক আইনমতে গ্ৰেপ্তাৰ কৰা হ’ব অথবা স্বগৃহত টলাবন্ধ কৰি ৰখা হ’ব বুলি আজি বোকাখাতত প্ৰশাসনৰ তৰফৰ পৰা মাইকযোগে ঘোষণা কৰা হয়।
উল্লেখ্য যে সম্ভাব্য কৰ’ণা সংক্ৰমণ ৰোধৰ উদ্দেশ্যেই অহা ৩১ মাৰ্চ পৰ্যন্ত চিকিৎসা প্ৰতিষ্ঠান, খাদ্য, ফাৰ্মাচী, প্ৰিণ্টিং প্ৰেছ, এল পি জি গেছ আদি জৰুৰী প্ৰতিষ্ঠানৰ বাহিৰে মাছ-মাংসৰ বজাৰকে ধৰি বোকাখাত মহকুমাৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান প্ৰশাসনে বন্ধ কৰি দিছে। এই উদ্দেশ্যে আজি বোকাখাতৰ একাংশ সাংবাদিকে বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালখনৰ ভাৰপ্ৰাপ্ত অধীক্ষকৰ লগতে প্ৰতিগৰাকী চিকিৎসা কৰ্মী আৰু ভ্ৰাম্যমাণ চিকিৎসা সেৱাৰ চিকিৎসা কৰ্মী সকলক প্ৰেৰণামূলক অভিবাদন জনায়।













