ASSAM TIMES POST
বোকাখাত : বজাৰ আৰু আন ব্যৱসায়িক প্ৰতিষ্ঠানৰ বৃহৎ জন-সমাৱেশে ক’ৰণাৰ সহজ সংক্ৰমণ ঘটোৱাৰ প্ৰবল আশংকাৰ হেতু বোকাখাত মহকুমা প্ৰশাসনে মহকুমাটোৰ সকলো মাছ-মাংসৰ বজাৰৰ লগতে তাৎক্ষনিকভাৱে কাৰ্যকৰী হোৱাকৈ মহকুমাটোৰ সকলো দোকান আৰু ব্যৱসায়িক প্ৰতিষ্ঠান অহা ৩১ মাৰ্চ পৰ্যন্ত বন্ধ ৰখাৰ নিৰ্দেশ দিছে।
সম্প্রতি জনস্বাস্থ্যৰ প্রতি ভাবুকি সৃষ্টি কৰা মহামাৰী কৰ’না ভাইবাচৰ সংক্রমণ ৰােধৰ বাবে অসম ক’ভিড ১৯ অধিনিয়ম ২০২০ ৰ ১২ নং অধিনিয়মৰ অধীনত বােকাখাত মহকুমাৰ মহকুমাধিপতি তথা মহকুমা দণ্ডাধীশ বিবেক শ্যাম স্বাক্ষৰিত বি এম জে ৬/২০১৮/২৯০ নং অধিসূচনাত সমগ্র মহকুমাতে তাৎক্ষনিকভাৱে বলবৎ হোৱাকৈ অহা ৩১ মার্চ পৰ্যন্ত ফাৰ্মাচী, চিকিৎসা প্রতিষ্ঠান, পেট্ৰ’ল পাম্প, খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান, এ.পি.জি. বিতৰণ প্রতিষ্ঠান, প্রিন্টিং প্রেচ, আৰু শাক-পাচলিৰ দোকানৰ বাহিৰে আন সকলাে ব্যৱসায়িক প্রতিষ্ঠান বন্ধ ৰাখিবলৈ নির্দেশ জাৰি কৰিছে ৷
ইয়াৰ লগতে কটা মাছ-মাংসৰ দোকানসমূহাে বন্ধ ৰাখিবলৈ ইতিমধ্যে নির্দেশ দিয়া হৈছে৷ লগতে এই নির্দেশ উলংঘা কৰা ব্যক্তিক ভাৰতীয় দণ্ডবিধি আইন ১৮৮ নং ধাৰাৰ অধীনত ব্যৱস্থা গ্রহণ কৰা হ’ব।
মহামাৰী কৰ’ণা ভাইৰাচৰ সংক্রমণ ৰোধৰ বাবে প্রশাসনে ৰাইজৰ সহযােগিতা কামনা কৰি তাৰ লগতে ৰাইজক সজাগ হবলৈ, জন-সমাগমৰ পৰা দূৰত থাকিবলৈ, বিনা কাৰণত ঘৰৰ পৰা ওলাই নাহিবলৈ, মুখত মাস্ক পৰিধান কৰিবলৈ আৰু নিয়মিতভাবে চাবােনেৰে হাত দিবলৈ অনুৰোধ জনাইছে। বিশ্বব্যাপি আতংক সৃষ্টিকাৰী কৰ’ণা ভাইৰাচ প্ৰতিৰোধৰ বাবে বোকাখাত মহকুমা প্ৰশাসনে লোৱা এনে তৎপৰ ভূমিকাক বোকাখাতৰ ৰাইজে শলাগিছে।













